Add Book Write Article
Cancel

অর্থনৈতিক ভূগোলৰ পৰিসৰ সম্পর্কে চমুকৈ লিখা।

By u255f5c61b2 on 1 week ago
April 10, 2025, 5:01 a.m.

অর্থনৈতিক ভূগোলত প্রধানকৈ মানুহৰ অর্থনৈতিক কার্যকলাপৰ বিতৰণ আৰু ইয়াৰ লগত জড়িত কাৰক আৰু প্রক্রিয়াসমূহ অধ্যয়ন কৰা হয়। ইয়াৰ অধ্যয়নৰ পৰিসৰ মূলতঃ তলত উল্লেখ কৰা বিশেষ প্রশ্নকেইটাৰ ওপৰত প্রতিষ্ঠিত 一

(i) অর্থনৈতিক কার্যটো ক'ত অৱস্থিত? (অৰ্থনৈতিক কাৰ্য সংঘটিত হোৱা ভৌগোলিক স্থান, পৰিৱেশ, পৰিস্থিতিবোৰৰ সম্পৰ্কে বিশদভাৱে আলোচনা ইয়াত অন্তৰ্ভুক্ত হৈ থাকে।)

(ii) অর্থনৈতিক কার্যটোৰ বৈশিষ্ট্যবোৰ কি কি? (আৰ্থিক কাম-কাজ, উৎপাদন, বিতৰণ, বিনিময় প্ৰক্ৰিয়াবোৰ অন্তৰ্ভুক্ত হৈ থাকে।)

(iii) অর্থনৈতিক কার্যটো আন কি কি পৰিঘটনাৰ লগত জড়িত? (ৰাজনৈতিক, সামাজিক, ভৌগোলিক আদি কাৰক। )

(iv) অর্থনৈতিক কার্যটো য’ত আছে তাতে কিয় হৈছে? (অনুকূল আৰু প্ৰতিকূল ভৌগোলিক পৰিৱেশৰ কাৰক বিলাকৰ বিৱৰণ।)

(v) অর্থনৈতিক কার্যটো য'ত আছে তাৰ পৰিৱর্তে আন এঠাইত হ'লে বেছি ভাল হ'লহেঁতেন নেকি? (সুবিধাজনক স্থান আৰু পৰিৱেশ সম্পৰ্কীয় বিষয়সমূহ।)