April 10, 2025, 5:01 a.m.
ভূগোল বিষয়টো প্রধানকৈ প্রাকৃতিক ভূগোল আৰু মানৱ ভূগোল হিচাপে দুটা ভাগত বিভক্ত। অর্থনৈতিক ভূগোল মানৱ ভূগোলৰ অন্তর্গত এটা অন্যতম প্রধান শাখা। ভূগোলৰ যিটো শাখাত সম্পদৰ উৎপাদন, বিতৰণ, উপভোগ, বিনিময় আৰু ইয়াৰ লগত জড়িত মানুহৰ কার্য-কলাপসমূহ স্থান আৰু কাল সাপেক্ষে অধ্যয়ন কৰা হয়। তাকে অর্থনৈতিক ভূগোল বোলে।
ভূ-প্রকৃতি আৰু ভূ-তাত্ত্বিক গঠনৰ পার্থক্যকে ধৰি জলবায়ু আৰু মাটিৰ বৈশিষ্ট্যৰ তাৰতম্যৰ বাবে ভূ-পৃষ্ঠৰ প্রাকৃতিক পৰিৱেশ বেলেগ বেলেগ হয়। উদাহৰণস্বৰূপে, ভূ-পৃষ্ঠৰ কোনো ঠাই পার্বত্য উচ্চভূমি, আন কোনো ঠাই সাৰুৱা সমভূমি, সাগৰ-মহাসাগৰীয় উপকূল ভূমি, কোনো ঠাই আকৌ জলবায়বীয়ভাৱে অতিপাত ঠাণ্ডা বা অতিপাত উষ্ণ। তদুপৰি কিছুমান অঞ্চল অৰণ্যৰে ভৰা বা আন কিছুমান অঞ্চল গৰাখহনীয়া আৰু বানপানীৰ দৰে প্রাকৃতিক দুর্যোগেৰে দুর্দশাগ্রস্ত। লগতে গছ-গছনি, পানী, খনিজ সম্পদ আদিৰ দৰে প্রাকৃতিক সম্পদৰো প্রাচুর্য, বিতৰণ আৰু গুণাগুণৰ ক্ষেত্রতো যথেষ্ট পার্থক্য দেখা যায়।সাৰুৱা সমভূমি অঞ্চল কৃষি, উপকূলীয় অঞ্চল মাছ ধৰা কার্য আৰু যাতায়াত- ব্যৱসায়, খনিজ সম্পদত চহকী উদ্যোগ অঞ্চল। আনহাতে, ঘাঁহনিৰ প্রাচুর্য থকা অঞ্চল পশু-পালনৰ ক্ষেত্রত বিশেষভাৱে আগবঢ়া হয়। প্রাকৃতিক পৰিৱেশৰ এনে পার্থক্যৰ ফলত মানুহ আৰু পৰিৱেশৰ সম্পর্কও পৃথিৱীৰ সকলো ঠাইত একে নহয় আৰু ইয়াৰ ফলত সৃষ্টি হোৱা মানৱ পৰিৱেশো বেলেগ বেলেগ হয়।
দৰাচলতে ভূ-পৃষ্ঠত বিৰাজ কৰা প্রাকৃতিক আৰু মানৱসৃষ্ট পৰিৱেশৰ উপাদানবোৰৰ বিভিন্নতাৰ বাবে মানুহৰ জীৱন-প্রণালী আৰু অর্থনৈতিক কার্য-কলাপো সকলো ঠাইতে বেলেগ বেলেগ হয়। এনে পার্থক্য়ৰ বাবে কোনো এখন ঠাই যেতিয়া কৃষি কার্যত উন্নত হয়, আন এখন ঠাই ব্যৱসায়-বাণিজ্য, ঔদ্যোগিক বা মৎস্য উৎপাদন কার্যত চহকী হয়। এনে কাৰণতে পৃথিৱীৰ সকলোবোৰ ঠায়েই ইখনে-সিখনৰ ওপৰত নির্ভৰ কৰি এক সম্পর্ক ৰক্ষা কৰি চলি থাকে। অর্থনৈতিক ভূগোলত সম্পদ আৰু মানুহৰ কাম-কাজ আদিৰ লগত জড়িত এনে ধৰণৰ সকলোবোৰ কথাই আলোচনা কৰা হয়।
অর্থনৈতিক ভূগোলৰ প্রধান শাখাবোৰ হৈছে 一
কৃষি ভূগোল
ঔদ্যোগিক ভূগোল
সম্পদ ভূগোল
পৰিবহন ভূগোল
বজাৰ ভূগোল
পৰিকল্পনা আৰু উন্নয়ন ভূগোল
পৰ্যটন ভূগোল