Kenekoi Logo

Kenekoi.com

জানিব খোজাৰ নতুন ঠিকনা

অসমত অসহযোগ আন্দোলনত নেতৃত্ব দিয়া অসমীয়া নেতাসকলৰ বিষয়ে উল্লেখ কৰা।

অসমত ১৯২০-২১ চনৰ পৰা আৰম্ভ হোৱা অসহযোগ আন্দোলনত বহু কেইজন গণ্যমান্য ব্যক্তি জড়িত হৈ আছিল।

১৯২১ চনৰ জুন মাহত অসম প্ৰদেশ কংগ্ৰেছ কমিটি গঠন হোৱাৰ পিছতে অসমত অসহযোগ আন্দোলনৰ জোৰ বাঢ়িবলৈ ধৰিলে আৰু অতি সোনকালেই ই সৰ্বভাৰতীয় আন্দোলনৰ সৈতে জড়িত হৈ পৰিল। সেই সময়ত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি আৰু সম্পাদক ক্ৰমে কুলধৰ চলিহা আৰু নবীন চন্দ্ৰ বৰদলৈয়ে আন্দোলনটোৰ প্ৰচাৰ আৰু প্ৰসাৰত গুৰুত্বপূৰ্ণ অৱদান আগৱঢ়াইছিল।

চন্দ্ৰনাথ শৰ্মা, হেমচন্দ্ৰ বৰুৱা, অমিয় কুমাৰ দাস, মহিবুদ্দিন আহমেদ আদিৰ নেতৃত্বত অসমৰ যুৱকসকলে চৰকাৰী শিক্ষানুষ্ঠানসমূহ বৰ্জন কৰি এই আন্দোলনত অংশ গ্ৰহণ কৰিছিল।

তাৰোপৰি লক্ষীধৰ শৰ্মা, ৰোহিনীকান্ত হাতীবৰুৱা, বিমলাকান্ত বৰুৱা, কনক চন্দ্ৰ বৰুৱা, বেণুধৰ শৰ্মা, তিলক শৰ্মা আদিৰ দৰে স্বনামধন্য ব্যক্তিও এই আন্দোলনৰ বাটকটীয়া হৈ জনতাক নেতৃত্ব দিছিল।

ছাত্ৰসকলক অনুসৰণ কৰি নবীন চন্দ্ৰ বৰদলৈ, তৰুণ ৰাম ফুকন, কুলধৰ শৰ্মা, বিষ্ণুৰাম মেধি আদি উকিলসকলেও ওকালতি ত্যাগ কৰি আন্দোলনত ভাগ লৈছিল।

Write Your Answer