ব্ৰহ্মপুত্ৰ উপত্যকা এক সাৰুৱা কৃষিভূমি আৰু প্ৰকৃতিক সম্পদত চহকী অঞ্চল ǀ চীন দেশৰ পৰা ৰোমান সাম্ৰাজ্যলৈ যোৱা মহাৰেচমী পথৰ এটা শাখা অসম হৈ আগবাঢ়িছিল ǀ তদুপৰি অসমৰ প্ৰাকৃতিক সৌন্দৰ্য তথা নিজানতা আদিৰ বাবে সবদূৰ অতীতৰ পৰা বিভিন্ন নৃগোষ্ঠীৰ লোক স্বাভাৱিক প্ৰব্ৰজনকাৰী হিচাপে , আক্ৰমণকাৰী হিচাপে,ব্যৱসায় বাণিজ্য কৰিবলৈ আৰু তীৰ্থ ভ্ৰমণ, আধ্যাত্মিক সাধনা আদি বিভিন্ন উদ্দেশ্যত অসমলৈ আহিছিল আৰু অসমত স্হায়ীভাৱে বসবাস কৰিবলৈ লৈছিল ǀ এইবোৰৰ ফলস্বৰূপে উত্তৰ-পূৰ্বাঞ্চলৰ অন্য ৰাজ্য কেইখনৰ তুলনাত অসমত সাংস্কৃতিক বিবিধতা ,সংমিশ্ৰণ আৰু বিৱৰ্তন অধিক হৈছে ǀইয়াৰ লগতে উল্লেখ কৰিব পাৰি ভাৰতত বাস কৰা প্ৰধান নৃ-গোষ্ঠী (দ্ৰাবিড়, নিগ্ৰো,অষ্ট্ৰিক আৰু মংগোলীয় আদি) কেইটাৰ অসমতো উপস্হিতি দেখা যায় আৰু সামগ্ৰিক ভাৱে ভাৰতত সংঘটিত হোৱা নৃতাত্বিক আৰু সাংস্কৃতিক সংমিশ্ৰণৰ প্ৰক্ৰিয়াটো অসমতো ঘটিছিল ǀ ফলস্বৰূপে অসমত আৰ্য অনাৰ্য সকলোৰে সমন্বিত অৱদানেৰে এক সংমিশ্ৰিত সংস্কৃতিৰ উৎপত্তি হৈছিল ǀ