Add Book Write Article
Cancel

অসমত ভাৰত ত্যাগ আন্দোলনৰ এটি খতিয়ান দাঙি ধৰা।

By u255f5c61b2 on 1 week ago
April 9, 2025, 4:07 a.m.

ভাৰতৰ অন্য প্ৰান্তৰ দৰে অসমতো কংগ্ৰেছৰ প্ৰধান নেতাসকলক গ্ৰেপ্তাৰ কৰাৰ লগতে অসম প্ৰদেশ কংগ্ৰেছ কমিটি, জিলা কংগ্ৰেছ কমিটি অন্যান্য ঐক্যমঞ্চসমূহক অবৈধ ঘোষণা কৰা হৈছিল। সকলো ধৰণৰ সভা, হৰতাল আৰু মানুহৰ সমাগম নিষিদ্ধ কৰা হৈছিল। অসমত আন্দোলন অহিংসা পদ্ধতিৰে হৰতাল, শোভাযাত্ৰা, সমাৰোহ আৰু পিকেটিং আদিৰ জৰিয়তে আৰম্ভ হৈছিল। জেলত থকা নেতাসকলৰ ওপৰত পুলিচৰ অত্যাচাৰে সীমা চেৰাই গৈছিল। ইয়াৰ পৰিণতিতে আন্দোলনটো হিংসাত্মক হৈ উঠে। আন্দোলনকাৰীসকলে চৰকাৰী ঘৰ-দুৱাৰ নষ্ট কৰাৰ লগতে সামৰিক অস্ত্ৰ-শস্ত্ৰ সৰবৰাহী পথসমূহ ধ্বংস কৰি দিয়ে। নগাওঁ আৰু দৰঙত চৰকাৰী সা-সম্পত্তি ধ্বংস কৰাৰ লগতে চৰকাৰী বিষয়াক হাৰাশাস্তি কৰা হৈছিল। গোলাঘাটৰ সৰুপথাৰ, কামৰূপৰ পাণবাৰী, ৰঙিয়া, শিৱসাগৰৰ চাফ্ৰাইত ৰে'লপথ বগৰুৱাৰ ঘটনা সংঘটিত হৈছিল।আন্দোলনকাৰীসকলক প্ৰশমিত কৰিবলৈ ব্ৰিটিছে দমনমূলক নীতি গ্ৰহণ কৰিছিল। শ শ নিৰপৰাধী লোক পুলিচৰ লাঠিৰ কোবত আহত হৈছিল। নগাওঁ, বঢ়মপুৰ, গহপুৰ, বেবেজীয়া, ঢেকীয়াজুলী, পাটাৰকুছি আৰু গোৱালপাৰা আদি বিভিন্ন ঠাইত প্ৰায় ২৭ গৰাকী প্ৰতিবাদকাৰী শ্বহীদ হৈছিল। গহপুৰত ১৪ বছৰীয়া এগৰাকী কিশোৰী (কনকলতা বৰুৱা)য়ে এই আন্দোলনত আত্মবলিদান দিছিল। হাজাৰ হাজাৰ লোকক জেলত ভৰোৱা হৈছিল।সৰুপথাৰত ৰে'ল বগৰোৱাৰ অপৰাধত কুশল কোঁৱৰক ফাঁচি দিয়া হৈছিল। চৰকাৰে আন্দোলনকাৰী ৰাইজৰ অসামৰিক অধিকাৰ, বাক স্বাধীনতা, সংবাদ মাধ্যমৰ স্বাধীনতা খৰ্ব কৰিছিল। আন্দোলনৰ নেতাসকলক বহিঃবিশ্বৰ সৈতে যোগাযোগ বন্ধ কৰি দিয়া হৈছিল। জেলৰ বাহিৰত থকা কিছুমান নেতাই আত্মগোপন কৰি এই আন্দোলনটো আগবঢ়াই নিবলৈ চেষ্টা কৰিছিল। অসমত এই আত্মগোপনকাৰী সংগঠনৰ নেতৃত্ববহন কৰিছিল শংকৰ চন্দ্ৰ বৰুৱা, মহেন্দ্ৰনাথ হাজৰিকা, জ্যোতি প্ৰসাদ আগৰৱালা, লক্ষ্মীপ্ৰসাদ গোস্বামী, ব্ৰজনাথ শৰ্মা, গহনচন্দ্ৰ গোস্বামীয়ে। এনে সংগঠন শিৱসাগৰ, নগাঁও, দৰং, কামৰূপ, বজালী আদি অঞ্চলত গঢ় লৈ উঠিছিল। আন একাংশ আন্দোলনকাৰীয়ে ব্ৰিটিছৰ সমান্তৰালকৈ অসমৰ বিভিন্ন প্ৰান্তত চৰকাৰ গঠন কৰিছিল। অসমৰ বজালী, ঢকুৱাখানা, ৰহা, জামুগুৰী, বাঁহজানি আদি ঠাইত আন্দোলনকাৰীয়ে গাওঁ পঞ্চায়ত গঠন কৰি স্থানীয় শাসন ব্যৱস্থা গঢ়ি তুলিছিল। কংগ্ৰেছৰ নেতাসকলে কাৰাবাস খাতি থকাৰ সময়তে ১৯৪৪ চনত ইংৰাজ চৰকাৰে সৰ্বশক্তি প্ৰয়োগ কৰি আন্দোলনৰ জুই প্ৰশমিত কৰিছিল।