জানিব খোজাৰ নতুন ঠিকনা
অসমীয়া চলচ্চিত্ৰই ৰাষ্ট্রীয় আৰু আন্তঃৰাষ্ট্রীয় প্ৰেক্ষাপটত বহুতো স্বীকৃতি লাভ কৰিছে। ১৯৫৫ চনত ফণী শৰ্মাৰ পৰিচালিত ‘পিয়লি ফুকন’ ছবিয়ে 'ৰাষ্ট্রপতিৰ চার্টিফিকেট অব মেৰিট' লাভ কৰিছিল আৰু সেয়াই আছিল অসমীয়া ছবিয়ে লাভ কৰা প্রথমটো পুৰস্কাৰ। ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰথমটো পুৰস্কাৰ লাভ কৰে ড° ভূপেন হাজৰিকাই 'চামেলি মেমচাব' ছবিৰ সংগীত পৰিচালনাৰ বাবে।ড° ভৱেন্দ্ৰনাথ শইকীয়াই ‘অগ্নিস্নান’ ছবিৰ বাবে শ্রেষ্ঠ চিত্র নাট্যৰ বঁটা লাভ কৰে। জাহ্নু বৰুৱাই 'সাগৰলৈ বহু দূৰ' ছবিৰ বাবে লাভ কৰে শ্রেষ্ঠ পৰিচালকৰ বঁটা। ৰাষ্ট্ৰীয় বঁটাৰে সন্মানিত হোৱা অসমীয়া ছবিকেইখন মান হ'ল 'ৰাগ বিৰাগ' (বিদ্যুত চক্ৰৱৰ্তী),'হলধৰ'(সঞ্জীৱ হাজৰিকা), 'ৱশ্ব'বিপু'(গৌতম বৰা),'হালধীয়া চৰায়ে বাও ধান খায়' (জাহ্নু বৰুৱা), 'বনানী' (জাহ্নু বৰুৱা), 'বৈভৱ' (মঞ্জু বৰা), 'তৰা' (জাহ্নু বৰুৱা), 'জুয়ে পোৰা সোণ' (সঞ্জীৱ সভাপণ্ডিত), 'আই ক’ত নাই'(মঞ্জু বৰা)। বিভিন্ন শিতানত বঁটালাভ কৰা ব্যক্তি কেইগৰাকীমান হ'ল শ্বেৰ চৌধুৰী (সংগীত পৰিচালনা), মলয়া গোস্বামী (অভিনয়), এ শ্ৰীকৰ প্ৰসাদ (সম্পাদনা), মৃণালকান্তি দাস (চিত্ৰ গ্ৰহণ), অভিনয়ৰ বাবে 'জুৰিৰ বিশেষ উল্লেখ' বঁটা লাভ কৰিছিল ৰুদ্ৰ বৰুৱা, ভাগীৰথী আৰু বিষ্ণু খাৰঘৰীয়াই। তথ্যচিত্ৰৰ বিভিন্ন শিতানত আৰু চিত্র সমালোচনা আৰু চলচ্চিত্র বিষয়ক গ্রন্থৰ বাবেও কেইবাগৰাকী অসমীয়াই বঁটা লাভ কৰিছে। ইয়াৰ উপৰিও বহুতো কথাছবিয়ে বিদেশতো সমাদৰ লাভ কৰিছে। ই কথাছবি জগতৰ বাবে এক ধনাত্মক প্ৰতিফলন।