Add Book Write Article
Cancel

অসমীয়া চলচ্চিত্র শিল্পলৈ জ্যোতিপ্ৰসাদ আগৰৱালাৰ অৱদান সম্পর্কে আলোচনা কৰা।

By uf9b861367c on 2 weeks ago
April 4, 2025, 1:49 p.m.

নাট্যকাৰ, সঙ্গীতজ্ঞ, কবি, বোলছবিৰ সঞ্চালক আৰু বিপ্লৱী কবি ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাক অসমীয়া চলচ্চিত্ৰৰ জনক বুলি অভিহিত কৰা হয়। কাৰণ তেওঁৰ অকলশৰীয়া প্ৰচেষ্টাতেই ১৯৩৫ চনৰ ১০ মাৰ্চ তাৰিখে প্ৰথম অসমীয়া ছবি 'জয়মতী'য়ে মুক্তি লাভ কৰে। ১৯৩৩ চনত তেওঁ ভোলাগুৰি চাহ বাগিচাত ‘চিত্ৰবন’ ষ্টুডিঅ’ স্থাপন কৰি ১৯৩৪ চনত লক্ষ্মীনাথ বেজবৰুৱাৰ ‘জয়মতী’ নাটকখনৰ কথাছবিৰ ৰূপ দিয়া কাম আৰম্ভ কৰে। ‘চিত্ৰলেখা মুভিটোন’ৰ বেনাৰত নিৰ্মিত এই ছবিখন ভাৰতৰ তৃতীয়খন সবাক ছবি আৰু প্ৰথমখন ৰাজনৈতিক আৰু বাস্তৱবাদী ধাৰাৰ ছবি বুলি অভিহিত কৰা হয়। কাৰিকৰী শিল্পীৰ অভাৱৰ বাবে জ্যোতিপ্ৰসাদে নিজেই ছবিখনৰ চিত্ৰনাট্য ৰচনা, পৰিচালনা, প্ৰযোজনা, সম্পাদনা, সংগীত ৰচনা তথা পৰিচালনা, নৃত্য নিৰ্দেশনা, কলা নিৰ্দেশনা এই সকলো দিশ তত্ত্বাৱধান কৰে।

দ্বিতীয়খন অসমীয়া চলচ্চিত্ৰ ‘ইন্দ্ৰমালতী’ও জ্যোতিপ্ৰসাদৰে দান। ঘাইকৈ জয়মতী চলচ্চিত্ৰত হোৱা লোকচানৰ বোজা উঠাবলৈয়ে এইখন ছবি নিৰ্মাণ কৰা হৈছিল। ছবিখনে মুক্তি পায় ১৯৩৯ চনত। স্বৰচিত কাহিনী এটাৰ চিত্ৰৰূপ আছিল এই ছবিখন। ১৯৪৮ চনত ফণী শৰ্মাৰ লগত যুটীয়াভাৱে লক্ষ্মীধৰ শৰ্মাৰ ‘চিৰাজ’ গল্পৰ আধাৰত একে নামেৰে কথাছবি নির্মাণ কৰে। এনেদৰে জ্যোতিপ্ৰসাদ আগৰৱালাই অসমীয়া কথাছবি নির্মাণ কৰি অসমীয়া চলচ্চিত্র জগতৰ আৰম্ভণি কৰে। অসমীয়া কথাছবিৰ জগতলৈ তেওঁ যি অৱদান আগবঢ়াই থৈ গ’ল সেইয়া সদায় চিৰস্মৰণীয় হৈ ৰ'ৱ।