ড॰ ভূপেন হাজৰিকা আছিল অসম তথা ভাৰতৰ এগৰাকী গায়ক, সুৰকাৰ, গীতিকাৰ আৰু সংগীত পৰিচালক। তদুপৰি তেখেত আছিল এগৰাকী চিত্ৰকৰ, লেখক, বিশ্ববিদ্যালয়ৰ শিক্ষক, চলচ্চিত্ৰ পৰিচালক আৰু আলোচনীৰ সম্পাদক।
জ্যোতিপ্ৰসাদ আগৰৱালাৰ ‘জয়মতী’ কথাছবিৰ যোগেদি ভূপেন হাজৰিকাই কথাছবি জগতত প্রৱেশ কৰে। ১৯৫৬ চনত মুক্তিলাভ কৰা ভূপেন হাজৰিকাৰ 'এৰা বাটৰ সুৰ' ছবিখন আছিল অসমৰ মাটিৰ সুৰৰ ওপৰত আধাৰিত। এই ছবিখনত তেওঁ ভাৰতৰ বিখ্যাত সংগীত প্ৰতিভা লতা মংগেছকাৰ, হেমন্ত মুখাৰ্জী আদিৰ কণ্ঠ ব্যৱহাৰ কৰি ছবিখনক এটি বহল প্ৰেক্ষাপটত চিনাকি কৰাই দিছিল।ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰথমটো পুৰস্কাৰ ড° ভূপেন হাজৰিকাই ‘চামেলি মেমচাব’ সংগীত পৰিচালনাৰ বাবে লাভ কৰে। ১৯৬৫ চনত এটি খাচি লোককথাৰ ভেটিত নির্মাণ কৰিছিল 'প্ৰতিধ্বনি' নামৰ ছবিখন।এই ছবিখন তেওঁ খাচি ভাষালৈ 'ডাব' কৰি বাণিজ্যিক ভাৱে মুক্তি দিছিল। হিন্দী ছবি 'তকদীৰ' তেওঁ অসমীয়ালৈ ডাব কৰাত আগভাগ লৈছিল আৰু পিছত সেই ছবিৰ প্ৰযোজক ৰাজশ্ৰী প্ৰডাকচনৰ লগত যৌথ প্ৰযোজনাত নির্মাণ কৰিছিল 'চিকমিক বিজুলী'। ১৯৭৬ চনত ভূপেন হাজৰিকাই ভাৰত চৰকাৰৰ পৰা শ্রেষ্ঠ সংগীত পৰিচালকৰ স্বীকৃতি লাভ কৰে। ‘সতী বেউলা’ ছবিখনৰ তেওঁ সংগীত পৰিচালনা কৰে।
এনেদৰেই অসমীয়া চলচ্চিত্ৰ জগতলৈ তেখেতে অমূল্য অৱদান আগবঢ়াই যায়।