Kenekoi Logo

Kenekoi.com

জানিব খোজাৰ নতুন ঠিকনা

অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ ভূমিকা আৰু কাৰ্যাৱলীৰ বিষয়ে আলোচনা কৰা।

১৮৩৬ চনৰ পৰা অসমত চৰকাৰীভাৱে বাংলা ভাষাৰ প্ৰয়োগ কৰা হৈছিল। যাৰ ফলত স্কুল, অফিছ-কাছাৰী, আদালত সকলোতে বাংলা ভাষাৰে প্ৰচলন আছিল। কিন্তু স্বদেশ প্ৰীতি আৰু জাতীয়তাবাদী ভাৱধাৰাৰে অনুপ্ৰাণিত এচাম শিক্ষিত লোকৰ নেৰা-নেপেৰা প্ৰচেষ্টাৰ ফলত ১৮৭৩ চনত অসমীয়া ভাষাক পুনৰ চৰকাৰে মান্যতা দিয়ে। তৎসত্বেও বাংলা ছপাশালত অসমীয়া ভাষাৰ স্বতন্ত্ৰতাৰ ওপৰত আক্ৰমণ ১৮৮০-৮৫ চনলৈকে চলিয়ে আছিল। বাংলা ভাষাৰ আগ্ৰাসন বিৰুদ্ধে আৰু অসমীয়া ভাষা আৰু সাহিত্য উন্নয়নৰ হকে সেই সময়ৰ কলিকতাত থকা অসমীয়া ছাত্ৰসকলে পুনৰ সংগঠিত হোৱাৰ পৰিকল্পনা কৰিছিল। সেই উদ্দেশ্যে ১৮৮৮ চনত অসমীয়া ভাষা উন্নতি সাধিনী সভা (অঃ ভাঃ উঃ সাঃ) গঠিত হৈছিল। এই সভা গঠনত উদ্যোগ লোৱা ছাত্ৰসকল আছিল হেমচন্দ্ৰ গোস্বামী, লক্ষ্মীনাথ বেজবৰুৱা, কনক লাল বৰুৱা, চন্দ্ৰ কুমাৰ আগৰৱালা আৰু ৰমাকান্ত বৰকাকতি।

এই সভাই অসমীয়াসকলৰ মাজত একতা আৰু জাতীয়তাবাদ গঢ়ি তুলিবলৈ চেষ্টা কৰিছিল। এই সভাই অসমীয়া ভাষাৰ এক শক্তিশালী বিজ্ঞানসন্মত উত্তৰণৰ লগতে অসমৰ সকলো পাঠশালাত পৰিশুদ্ধ আৰু উন্নতমানৰ ব্যাকৰণ প্ৰয়োগৰ বাবে প্ৰদক্ষেপ গ্ৰহণ কৰিছিল। তদুপৰি এই সভাই অন্যান্য ভাষাৰ উল্লেখনীয় পুথিসমূহ অসমীয়া ভাষালৈ অনুবাদ কৰাৰ কামো হাতত লৈছিল। এই সভাৰ প্ৰচেষ্টাতে হেমচন্দ্ৰ বৰুৱাই "হেমকোষ" প্ৰকাশৰ কাম হাতত লৈছিল।

"অসমীয়া ভাষা উন্নতি সাধিনী সভা"ই বুৰঞ্জী, সংস্কৃত, সাহিত্য আৰু ভাষা সম্পৰ্কে নিজৰ মাজতে বৌদ্ধিক আলোচনা অব্যাহত ৰখিছিল আৰু অসমৰ বিভিন্ন প্ৰান্তত ইয়াৰ শাখা প্ৰতিষ্ঠাৰ বাবে চেষ্টা চলাইছিল।

তাৰোপৰি এই সভাৰ দ্বাৰা প্ৰকাশিত আলোচনী "জোনাকী"য়ে অসমত এটা নতুন যোগৰ সূচনা কৰিছিল।

Write Your Answer