১৮৩৬ চনৰ পৰা অসমত চৰকাৰীভাৱে বাংলা ভাষাৰ প্ৰয়োগ কৰা হৈছিল। যাৰ ফলত স্কুল,অফিছ-কাছাৰী, আদালত সকলোতে বাংলা ভাষাৰে প্ৰচলন আছিল। কিন্তু অসমীয়া ভাষাক পুনৰ চৰকাৰৰ দ্বাৰা মান্যতা দিয়াবলৈ স্বদেশ প্ৰীতি আৰু জাতীয়তাবাদী ভাৱধাৰাৰে অনুপ্ৰাণিত এচাম শিক্ষিত লোকৰ নেৰানেপেৰা প্ৰচেষ্টা অব্যাহত ৰাখিছিল।কলিকতালৈ উচ্চ শিক্ষাৰ বাবে যোৱা অসমীয়া ছাত্ৰসকল একত্ৰিত হৈ অসমীয়া ভাষা- সাহিত্য উন্নয়নৰ অৰ্থে ১৮৭২ চনত "অসমীয়া লিটাৰেৰী ছ'চাইটী"ৰ জন্ম দিয়ে। আৰম্ভণিতে অনুষ্ঠানটোক নেতৃত্ব দিছিল দেৱীচৰণ বৰুৱা আৰু গুণগোবিন্দ ফুকনে। এই অনুষ্ঠানৰ প্ৰধান উদ্দেশ্য আছিল সাহিত্য চৰ্চা। কিন্তু সময় বাগৰাৰ লগে লগে অনুষ্ঠানটোত ৰাজনৈতিক চিন্তাৰো প্ৰকাশ ঘটিছিল। ১৮৭২ চনত সংগঠনৰ প্ৰসিদ্ধ সদস্য জগন্নাথ বৰুৱা আৰু মাণিক চন্দ্ৰ বৰুৱাই উক্ত ছ'চাইটিৰ তৰফৰ পৰা সেই সময়ৰ ভাইচৰয় লৰ্ড নৰ্থব্ৰুকক এখন স্মাৰক পত্ৰও প্ৰদান কৰিছিল। পত্ৰৰ যোগেদি অসমৰ প্ৰাকৃতিক সম্পদৰ উন্নয়ন আৰু অসম আৰু বংগৰ মাজত ৰে'ল সংযোগ স্থাপনৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ আৱেদন জনাইছিল। ১৮৮৫ চনলৈকে এই অনুষ্ঠানটো সক্ৰিয় হৈ আছিল।