'কড়িৰ ঢালতে কড়ি নুফুটিলে কপালত দি যাওঁ দুখ৷’ - কড়ি ফুটিলে ভাল, নুফুটিলে কাল ৷ বছৰৰ আৰম্ভণিতে খেলা কড়ি ফুটা মানে ধৰণী সোণালী শইচৰে নদন-বদন হোৱা আৰু নুফুটা মানেই অনাবৃষ্টি,অতিবৃষ্টি,বন্যা আদিয়ে আগুৰি ধৰা৷ কড়ি প্ৰজননৰ প্ৰতীক৷ইয়াৰ সহায়ত গুটি গজোৱা আৰু পকোৱা হয় ৷ আদিম সমাজৰ যৌন বিশ্বাসৰ লগতে শস্য সম্পদ বৃদ্ধিৰ ধ্যান-ধাৰণাও কড়ি খেলৰ মাজেদি প্ৰকাশ পায়৷কড়িৰ ঢালখন আই বসুমতীৰ আৰু খেলখন হ’ল কৃষি জীৱনৰ প্ৰতীক ৷ আহোম যুগত অসমত এই খেলৰ জনপ্ৰিয়তা অধিক আছিল ৷