Add Book Write Article
Cancel

অসমৰ চিত্ৰকলাৰ ঐতিহ্যৰ বিষয়ে চমুকৈ লিখা ǀ

By u255f5c61b2 on 1 week ago
April 9, 2025, 10:24 a.m.

অসমত সপ্তদশ শতিকাৰ পৰা উত্তৰ ভাৰতৰ ক্ষুদ্ৰাকৃতিৰ পুথি চিত্ৰ সমূহৰ আৰ্হিত ৰজাঘৰীয়া আৰু সত্ৰীয়া সৃষ্টিৰে চিত্ৰকলাৰ পৰম্পৰা আৰম্ভ হয় ǀ সেই সময়ৰ কেইখনমান সচিত্ৰ পুথি হৈছে- আনন্দলহৰী,হস্তীবিদ্যাবৰ্ণ,চিত্ৰ ভাগৱত,গীত গোবিন্দ,কুমাৰ হৰণ,শংখচূড় বধ, লৱ কুশৰ যুদ্ধ আদি সাঁচিপাতৰ পুথি ǀ উক্ত পুথিসমূহত স্হানীয়ভাৱে আহৰণ কৰা সামগ্ৰীৰ পৰা প্ৰাকৃতিক ৰঙেৰে বহুবৰণীয়া চিত্ৰ অঁকা হৈছিল ǀ প্ৰথমে চিত্ৰৰ পটভূমিত এটা নিৰ্দিষ্ট ৰঙ বুলাই লোৱা হয় ǀতাৰ ওপৰত চিত্ৰসমূহ অঁকা হৈছিল ǀ চিত্ৰসমূহত ৰজা,ৰাজদৰবাৰ,দেৱীমূৰ্তি,যুদ্ধৰ চিত্ৰ,হাতী,জীৱজন্তু আদি সংশ্লিষ্ট পুথিৰ বিষয় বস্তুৰ লগত সংগতি ৰাখি অঁকা হৈছিল ǀখালী ঠাইবোৰবোৰত ফুল,লতা আদি আঁকি দিয়া হৈছিল চিত্ৰসমূহত সাধাৰণতে ৰঙা,সেউজীয়া,হালধীয়া আৰু কলা ৰঙৰ প্ৰয়োভৰ দেখা যায় ǀ সন্মুখ আৰু পাৰ্শ্ব দুয়োধৰণৰ চিত্ৰ অংকন কৰা দেখা যায় ǀ মানুহ,জীৱ জন্তু ছৱিবোৰত মুখাৱয়ৱ ৰ্নিখুত প্ৰকাশ, শৰীৰৰ অনুপাত,মনৰ অনুভূতি প্ৰকাশক সূক্ষ্ম কৌশল প্ৰয়োগ কৰা দেখা নাযায় ǀ এক কথাত কবলৈ গলে চিত্ৰবোৰ আছিল সহজ-সৰল আৰু দৃষ্টিনন্দন ǀ সুকুমাৰ বৰকাইথে ৰচনা কৰা হস্তীবিদ্যাবৰ্ণ পুথিখনত কাৰ আৰু বৰণৰ হাতীৰ ছৱি আছে ǀ দিলবৰ আৰু দোচাই নামে দুজন চিত্ৰকৰে এই চিত্ৰবোৰ অংকন কৰিছিল ǀ