অসমত সকলো ধৰণৰ ধৰ্মাৱলম্বী লোকে অতীজৰে পৰা মিলাপ্ৰীতিৰে বাস কৰি আহিছে। অসমৰ অধিকাংশ লোক হিন্দু। ইয়াৰ পিছতে আছে- ইছলাম, খ্ৰীষ্টিয়ান, জৈন, বৌদ্ধ, শিখ আৰু জনজাতীয় ধৰ্মপন্থাৱলম্বী লোক।
হিন্দু ধৰ্মৰ ভিতৰত শাক্ত, শৈৱ, বৈষ্ণৱ, সৌৰপন্থী লোক দেখা যায় ǀ অসমৰ বিভিন্ন ঠাইত শক্তিপীঠ আছে, এইবোৰৰ ভিতৰত কামাখ্যা মন্দিৰ পৃথিৱী বিখ্যাত। নৱ বৈষ্ণৱ আন্দোলনে অসমৰ বৃহৎ সংখ্যক লোকক বৈষ্ণৱী ভক্তিমাৰ্গত অনুগামী কৰিছিল ǀ খ্ৰীষ্টিয় ত্ৰয়োদশ শতিকাৰ প্ৰথমভাগত অসমত ইছলাম ধৰ্মৰ আগমন ঘটাৰ তথ্য পোৱা যায় ǀ হাজোৰ পোৱা মক্কা অসমৰ ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ ঠাই ǀ স্বৰ্গদেউ গদাধৰ সিংহৰ দিনত অসমলৈ অহা চুফী সাধক আজানপীৰ নামে খ্যাত চাহ মিলনে ৰচনা কৰা জিকিৰ আৰু জাৰি সমূহ অসমত প্ৰচলিত এবিধ জনপ্ৰিয় ধৰ্মীয় সংগীত ǀ মানৰ আক্ৰমণৰ সময়ত ৰজা চন্দ্ৰকান্ত সিংহক সহায় কৰিবলৈ পঞ্জাৱৰ ৰঞ্জিত সিংহৰ নিৰ্দেশ ক্ৰৰ্মে অসমলৈ অহা শিখ সৈন্যদল এটিৰ কিছু লোক অসমত নিগাজিকৈ থাকি গৈছিল ǀ তেওঁলোকৰ বংশধৰ সকল এতিয়া শিখ ধৰ্ম বৰ্তাই ৰাখিও অসমীয়া ভাষা সংস্কৃতি গ্ৰহণ কৰি জাতীয় জীৱনৰ অংগীভূত হৈ পৰিছে ǀ অসমৰ পূৱ অংশত বাস কৰা টাইফাকে, তুৰুং, আইতন, খামটি, খাময়াং, শ্যামসকল বৌদ্ধ ধৰ্মাৱলম্বী ǀমধ্যযুগত আহোম স্বৰ্গদেউসকলে উদাৰ ধৰ্মনীতি গ্ৰহণ কৰিছিল আৰু বিভিন্ন ধৰ্মাৱলম্বী লোকক উপাসনা স্থলী আদি নিৰ্মাণ কৰাই দান-দক্ষিণাও প্ৰদান কৰিছিল ǀ