২০১৫ চনত মানস বৰুৱাৰ নেতৃত্বত 'অসম এভাৰেষ্ট অভিযান' নাম দি লেখকে এভাৰেষ্ট অভিযান চলাইছিল৷ৰাজ্য চৰকাৰৰ পৃষ্ঠপোষকতাত অসম পৰ্বতাৰোহণ সন্থাৰ উদ্যোগত আয়োজিত এই অভিযানত এক্সপ্ল’ৰাৰ্ছ,শিখৰ,কাৰ্বি আংলং পৰ্বতাৰোহণ সন্থা আদি সংগঠনে সহযোগ কৰিছিল৷দলটোৰ আন সদস্য সকল আছিল- উপেন চক্ৰৱৰ্তী,ডা: জগদীশ বসুমতাৰী, হেনৰী ডেভিড টেৰণ, বিপ্লৱ চহৰীয়া,নন্দ দুলাল দাস, খৰছিং ইংতি আৰু পৰাগ দাস৷দলটোৰ বেছ কেম্প মেনেজাৰৰ দায়িত্ব বহন কৰিছিল অমৰ ডেকা আৰু শৈলেন দাসে৷লেখকৰ অনুশীলনৰ অন্তিম পৰ্যায়ত অহা ভূমিকম্পৰ জোকাৰণিত নামি অহা হিমানী সম্প্ৰপাতে এক বিশালাকাৰ আয়তন ধাৰণ কৰি প্ৰলৰ ৰূপ ল’লে৷তেওঁলোকৰ কেম্পত থকা টেণ্টসমূহ উৰুৱাই নি বহুত দূৰত পেলালে৷হিমানী সম্প্ৰপাত যেতিয়া তেওঁলোকৰ মূৰৰ ওপৰেৰে পাৰ হৈ গৈছিল তেতিয়া তেওঁলোকক বৰফৰ মাজত পুতি পেলাইছিল৷অভিযানকাৰীসকলৰ উশাহ-নিশাহ বন্ধ হৈ পৰিছিল৷
হিমানী সম্প্ৰপাতে তেওঁলোকে আশ্ৰয় লোৱা টেণ্টসমূহৰ লগতে পাকঘৰ থকা তম্বু আৰু ডাইনিং টেণ্টটো ঢাঁহি-মুহি উৰুৱাই নি ছিন্ন-ভিন্ন কৰি পেলায় ৷সেই বৰফৰ দৈত্যই খাদ্য-সামগ্ৰীসমূহ অনিষ্ট কৰে ৷প্ৰকৃতিৰ বিভীষিকাৰ বাবে এভাৰেষ্ট জয় কৰাৰ সপোন আধাতে সামৰি অভিযানকাৰী দলটিয়ে ওভতনি যাত্ৰা আৰম্ভ কৰে।