জানিব খোজাৰ নতুন ঠিকনা
১৯২৩ চনত কৰিমগঞ্জত আৰু তাৰ পিছত তিতাবৰত অন্য এক কৃষি গৱেষণা কেন্দ্ৰৰ প্ৰতিষ্ঠাই অসম কৃষি বিশ্ববিদ্যালয়ৰ আৰম্ভণি পদক্ষেপ আছিল। এই কেন্দ্ৰসমূহে যদিও গৱেষণা আৰু প্ৰশিক্ষণ আবিৰামভাৱে চলাই গৈছিল তথাপি এখন সুকীয়া কৃষি আৰু পশু মহাবিদ্যালয়ৰ আৱশ্যকীয় হৈ পৰিছিল। তাৰে পৰিপ্ৰেক্ষিতত বৰদলৈ মন্ত্ৰীসভাৰ দিনত ১৯৪৮ চনত নগাঁৱত অসম পশু মহাবিদ্যালয় আৰু যোৰহাটত অসম কৃষি মহাবিদ্যালয় স্থাপন কৰা হৈছিল। এই দুয়োখন মহাবিদ্যালয় সামৰি ১৯৬৯ চনত অসম কৃষি বিশ্ববিদ্যালয় স্থাপন কৰা হয়। অসম কৃষি বিশ্ববিদ্যালয় উত্তৰ-পূৱৰ একমাত্ৰ আৰু প্ৰথম বৃত্তিমুখী বিশ্ববিদ্যালয়।