Kenekoi Logo

Kenekoi.com

জানিব খোজাৰ নতুন ঠিকনা

অসম চিকিৎসা মহাবিদ্যালয় প্ৰতিষ্ঠাৰ চমু ইতিহাস লিখা।

ডিব্ৰুগড়ত উত্তৰ-পূৱ ভাৰতৰ প্ৰথমখন চিকিৎসা মহাবিদ্যালয় স্থাপন কৰা হৈছিল।১৯০০ চনত ডিব্ৰুগড়ত ডঃ জন বেৰী হোৱাটৰ ৫০,০০০ টকাৰ অনুদানৰ পুঁজিৰে "বেৰী হোৱাইট মেডিকেল স্কুল" স্থাপন হৈছিল। ডঃ জন বেৰী হোৱাট আছিল লখিমপুৰৰ চিভিল ছাৰ্জন। ১৯১০ চনত এই চিকিৎসা বিদ্যালয়খনৰ বাবে ইংলেণ্ডৰ পৰা দুটা এক্স-ৰে মেচিন আমদানি কৰি অনা হৈছিল আৰু ৰেডিঅলজী বিভাগ আৰম্ভ কৰা হৈছিল। দ্বিতীয় বিশ্বযুদ্ধৰ পিছত এই বিদ্যালয়খনৰ ওচৰৰে এখন চিকিৎসালয়ৰ চৌহদলৈ স্থানান্তৰিত কৰা হৈছিল। যিখন যুদ্ধৰ সময়ত আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৈন্য বাহিনীয়ে ব্যৱহাৰ কৰিছিল। স্বাধীনতাৰ পিছত ১৯৪৭ চনৰ ৩ নৱেম্বৰ তাৰিখে এই বিদ্যালয়খনক আনুষ্ঠানিকভাৱে "অসম চিকিৎসা মহাবিদ্যালয়" নামেৰে নামাংকিত কৰা হয়।

Write Your Answer