জানিব খোজাৰ নতুন ঠিকনা
অসম ছাত্ৰ সন্মিলন ১৯১৬ চনত গঠন হৈছিল। গুৱাহাটীত বহা ইয়াৰ প্ৰথমখন অধিৱেশনত সভাপতিত্ব কৰিছিল লক্ষ্মীনাথ বেজবৰুৱাদেৱে। এই সন্মিলনৰ মুখ্য উদ্দেশ্য আছিল অসমীয়া ভাষাৰ উন্নতি সাধন কৰা।
ছাত্ৰ সন্মিলনে অসমৰ বিভিন্ন বিদ্যালয় আৰু মহাবিদ্যালয়ৰ ছাত্ৰসকলৰ লগত মত আদান-প্ৰদান কৰি এক সম্পৰ্ক স্থাপন কৰিবলৈ চেষ্টা কৰিছিল।
এই সন্মিলন প্ৰথম অৱস্থাত ৰাজনীতিৰ লগত জড়িত নাছিল যদিও পিছলৈ দেশৰ জাতীয় আন্দোলনত সক্ৰিয়ভাৱে অংশ গ্ৰহণ কৰিছিল।
ছাত্ৰ সন্মিলনৰ মুখ্য় পত্ৰ আছিল মিলন। ইয়াত প্ৰকাশিত বিভিন্ন প্ৰৱন্ধ লেখা আদিয়ে অসমৰ শিক্ষা, সাহিত্য-সংস্কৃতি, সাম্প্ৰদায়িক সম্প্ৰীতি আৰু জাতীয় চেতনা গঢ় দিয়াত যথেষ্ঠ অৱদান আগবঢ়াইছিল।
ছাত্ৰ সন্মিলনৰ বাৰ্ষিক অধিৱেশনসমূহত বিখ্যাত সাহিত্যিক, চিন্তাবিদ, ৰাজনীতিবিদ সকলে অংশ গ্ৰহণ কৰি জ্ঞানসমৃদ্ধ আৰু জাতীয়তাবাদেৰে পুষ্ট বক্তৃতাৰে জনসাধাৰণক আকৰ্ষিত কৰিছিল। সেইসকলৰ ভিতৰত লক্ষ্মীনাথ বেজবৰুৱা, পদ্মনাথ গোঁহাইবৰুৱা, আচাৰ্য প্ৰফুল্ল চন্দ্ৰ ৰায়, কৃষ্ণকান্ত সন্দিকৈ ইত্যাদিয়ে প্ৰধান।