অসম প্ৰদেশত কংগ্ৰেছ কমিটিৰ জন্মঃ
ভাৰতীয় জাতীয় কংগ্ৰেছে ১৮৮৫ চনত জন্ম লাভ কৰিছিল। ভাৰতৰ অন্য ৰাজ্য়ৰ দৰে অসমতো বিভিন্ন অনুষ্ঠানৰ পৰা অহা প্ৰতিনিধিসকলে জাতীয় কংগ্ৰেছৰ অধিৱেশনসমূহত অংশ গ্ৰহণ কৰি আহিছিল। অসমত আছাম এছ’চিয়েচনে কংগ্ৰেছৰ লগত বিলীন হৈ সৰ্বভাৰতীয় ৰাজনীতিত অংশ ল'বলৈ অগ্ৰসৰ হৈছিল। আছাম এছ’চিয়েচনৰ কিছুসংখ্যক সদস্যই প্ৰথমৰে পৰা অনুষ্ঠানটোক কংগ্ৰেছৰ প্ৰাদেশিক কমিটিলৈ ৰূপান্তৰিত কৰিবলৈ চেষ্টা কৰাৰ বিপৰীতে আন একাংশই তাৰ বিৰোধিতা কৰিছিল। তথাপিও সেই সময়ত কংগ্ৰেছ নীতি আদৰ্শ আৰু কাৰ্যপন্থাই মধ্যবিত্ত অসমীয়া সকলক বাৰুকৈ আকৰ্ষিত কৰিছিল। আছাম এছ’চিয়েচনক কংগ্ৰেছ সংগঠনৰ ৰূপ দিবলৈ ১৮ এপ্ৰিল ১৯২১ চনত ছৱিলাল উপাধ্যায়ৰ পৌৰহিত্য়ত এখন বিশেষ অভিৱেশন অনুষ্ঠিত কৰা হয়। সেই বছৰৰে জুন মাহত নৱীন চন্দ্ৰ বৰদলৈ, ছৱিলাল উপাধ্যায়, কৃষ্ণকান্ত ভট্টাচাৰ্যৰ উদ্যোগত অসম প্ৰদেশ কংগ্ৰেছ কমিটি গঠন কৰা হয়।
অসম প্ৰদেশত কংগ্ৰেছ কমিটিৰ ভূমিকাঃ
১৯২০ চনত নাগপুৰত অনুষ্ঠিত হোৱা জাতীয় কংগ্ৰেছৰ অধিৱেশনত ভাষাৰ ওপৰত ভিত্তি কৰি ৰাজ্য পুনৰ গঠনৰ প্ৰস্তাৱ গৃহীত হৈছিল। কংগ্ৰেছ এই নীতিয়ে অসমৰ জাতীয়তাবাদীসকলক বাৰুকৈ উৎসাহিত কৰিছিল। ১৯২১ চনত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ তত্ত্বাৱধানত মহাত্মা গান্ধীক অসমত অসহযোগ আন্দোলনৰ প্ৰচাৰ চলাবলৈ আমন্ত্ৰণ জনোৱা হৈছিল। সেই বছৰৰ আগষ্ট মাহত মহাত্মা গান্ধীৰ অসম ভ্ৰমণে নৱগঠিত কংগ্ৰেছ কমিটিখনৰ মাজত এক আলোড়নৰ সৃষ্টি কৰিলে। ফলত আন্দোলনটো অসমত চৌদিশে বিয়পি পৰিল। অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে ১৯২৬ চনত পাণ্ডুত জাতীয় কংগ্ৰেছৰ ৪১ তম বাৰ্ষিক অধিৱেশন আয়োজন কৰিছিল। ১৯৪৬ চনৰ সাধাৰণ নিৰ্বাচনত বৃহৎ জয়েৰে কংগ্ৰেছে সংখ্যা গৰিষ্ঠতা লাভ কৰিছিল আৰু লোকপ্ৰিয় গোপীনাথ বৰদলৈ অসম প্ৰদেশৰ প্ৰথমজন প্ৰধানমন্ত্ৰীৰূপে নিৰ্বাচিত হৈছিল। যেতিয়া কেবিনেট মিছনে অসমক পূৱ বংগৰ লগত সন্নিৱিষ্ট কৰি গোট-গ (Group-C) গঠন কৰিব বিচাৰিছিল, সেই সময়ত গোপীনাথ বৰদলৈৰ নেতৃত্বত অসমত ইয়াৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ হৈছিল আৰু সেই প্ৰতিবাদক মহাত্মা গান্ধীয়েও সমৰ্থন জনাইছিল। তাৰে পৰিপ্ৰেক্ষিতত অসম পূৱ বংগৰ লগত চামিল নোহোৱাকৈ থাকিল।