Add Book Write Article
Cancel

অসহযোগ আন্দোলনত অসমৰ ভূমিকা সম্পৰ্কে এটি খতিয়ান দাঙি ধৰা।

By u255f5c61b2 on 1 week ago
April 9, 2025, 4:07 a.m.

ভাৰতীয় স্বাধীনতা অন্দোলনৰ ইতিহাসত অসহযোগ আন্দোলন এটা গুৰুত্বপূৰ্ণ অধ্যায়। ভাৰতীয় জাতীয় কংগ্ৰেছৰ নেতৃত্বত ১৯২০ চনৰ পৰা ১৯২২ চনলৈ এই আন্দোলন চলিছিল। এই আন্দোলনে অসমখনকো বাৰুকৈ প্ৰভাৱিত কৰিছিল।

(i) বিশেষকৈ ১৯২১ চনৰ জুন মাহত অসম প্ৰদেশ কংগ্ৰেছ কমিটি গঠন হোৱাৰ পিছতে অসমত এই আন্দোলনৰ জোৰ বাঢ়িল আৰু অতি সোনকালেই ই সৰ্বভাৰতীয় আন্দোলনৰ সৈতে জড়িত হৈ পৰিল। সেই সময়ত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি আৰু সম্পাদক আছিল। ক্ৰমে কুলধৰ চলিহা আৰু নবীন চন্দ্ৰ বৰদলৈ।

(ii) ১৯২১ চনত মহাত্মা গান্ধীৰ অসম আগমনে এই আন্দোলনক অধিক জনপ্ৰিয় কৰি তোলে। গান্ধীজীৰ আহ্বানক্ৰমে জনসাধাৰণে বিদেশী বস্ত্ৰ আৰু সা-সামগ্ৰী বৰ্জন কৰি সেইবোৰ একেলগে গোটাই জুই লগাই দিছিল।

(iii) চন্দ্ৰনাথ শৰ্মা, হেমচন্দ্ৰ বৰুৱা, অমিয় কুমাৰ দাস, মহিবুদ্দিন আহমেদ আদিৰ নেতৃত্বত অসমৰ যুৱকসকলে চৰকাৰী শিক্ষানুষ্ঠানসমূহ বৰ্জন কৰি এই আন্দোলনত অংশ গ্ৰহণ কৰিছিল। তাৰোপৰি লক্ষীধৰ শৰ্মা, ৰোহিনীকান্ত হাতীবৰুৱা, বিমলাকান্ত বৰুৱা, কনক চন্দ্ৰ বৰুৱা, বেণুধৰ শৰ্মা, তিলক শৰ্মা আদিৰ দৰে স্বনামধন্য ব্যক্তিও এই আন্দোলনৰ বাটকটীয়া হৈ জনতাক নেতৃত্ব দিছিল।

(iv) ছাত্ৰসকলক অনুসৰণ কৰি নবীন চন্দ্ৰ বৰদলৈ, তৰুণ ৰাম ফুকন, কুলধৰ শৰ্মা, বিষ্ণুৰাম মেধি আদি উকিলসকলেও ওকালতি ত্যাগ কৰি আন্দোলনত ভাগ লৈছিল।

(v) আন্দোলনৰ প্ৰভাৱত গুৱাহাটী, যোৰহাট, নলবাৰী, তেজপুৰ শিৱসাগৰ, নগাঁও, কৰিমগঞ্জ আদি বিভিন্ন অঞ্চলত এই আন্দোলনৰ প্ৰভাৱত জাতীয় শিক্ষানুষ্ঠান গঢ়লৈ উঠিছিল। ১৯২১ চনত গুৱাহাটীত প্ৰথম জাতীয় শিক্ষানুষ্ঠান “তিলক সোঁৱৰণী স্কুল” প্ৰতিষ্ঠা কৰা হৈছিল।

(vi) এই আন্দোলনৰ ফলত অসমত কানিৰ প্ৰচলন একেবাৰে কমি গৈছিল আৰু তাৰ প্ৰভাৱত চৰকাৰৰ সংগৃহীত ৰাজহৰ পৰিমাণো কমি আহিছিল।

(vii) এই আন্দোলনৰ ফলত অসমত খাদী বস্ত্ৰৰ জনপ্ৰিয়তা বৃদ্ধিৰ লগতে চাহিদাও বৃদ্ধি পাইছিল।

(viii) অসমৰ বিভিন্ন চাহ বাগানত নিয়োজিত হৈ থকা বনুৱাসকলে তেওঁলোকৰ ওপৰত চলা ঔপনিৱেশিক শাসন আৰু শোষণৰ বিৰুদ্ধে প্ৰতিবাদ জনাইছিল। তেওঁলোকে কেইবাটাও হৰতাল পালন কৰি কাম-কাজ বন্ধ কৰি দিছিল। ১৯২১ চনত কৰিমগঞ্জ চৰাগোলা আৰু লংগাই উপত্যকাৰ প্ৰায় ৮০০০ বনুৱাই কংগ্ৰেছৰ নেতৃত্বত একেলগ হৈ ব্ৰিটিছ শাসনৰ বিৰোধিতা কৰিছিল। পিছত মালিক পক্ষই তেওঁলোকৰ ওপৰত হেঁচা প্ৰয়োগ কৰাৰ ফলত তেওঁলোক আন্দোলনৰ পৰা আঁতৰি আহিছিল।