অৰ্জুনে যুদ্ধক্ষেত্ৰলৈ গৈ তেওঁৰ পিতৃতুল্য, মাতৃতুল্য, ভাতৃ, পুত্ৰকে আদি কৰি সকলোবোৰ আত্মীয়ক দুয়োটা সৈন্য দলত দেখিবলৈ পালে। এনেদৰে সকলোয়ে যুদ্ধৰ বাবে সাজু হোৱা দেখি অৰ্জুন আৱেগিক হৈ কৃষ্ণক কৈছে যে, এই জাতি ভাইসকল যুদ্ধ কৰিবলৈ আগবাঢ়ি অহা দেখি তেওঁৰ হাত ভৰি কঁপিবলৈ ধৰিছে, মুখ শুকাইছে শৰীৰ কঁপিবলৈ ধৰিছে। তেওঁৰ এনে কাৰণৰ বাবে লাজ লগা বুলি কৈছে। অৰ্জুনে লগতে কৈছে যে যুদ্ধত আপোনক বধ কৰি একো লাভ নাই। এনে বিজয়ৰ তেওঁ আকাংঙ্খা নকৰে। ৰাজ্যৰ ইচ্ছা আৰু সুখৰো বাঞ্চা তেওঁ নকৰে বুলি কৈছে।