Add Book Write Article
Cancel

আইন অমান্য আন্দোলনত অসমৰ ভূমিকা সম্পৰ্কে এটি খতিয়ান দাঙি ধৰা।

By u255f5c61b2 on 1 week ago
April 9, 2025, 4:07 a.m.

ইংৰাজ চৰকাৰৰ সমগ্ৰ প্ৰশাসন ব্যৱস্থাটো অচল কৰিবলৈ মহাত্মা গান্ধীৰ আহ্বানক্ৰমে ১৯৩০ চনত সমগ্ৰ ভাৰতত আইন আমান্য আন্দোলন আৰম্ভ হৈছিল।

অসমত হেমচন্দ্ৰ বৰুৱা, মহম্মদ তৈয়বুল্লা, বিষ্ণুৰাম মেধি, অম্বিকাগিৰী ৰায়চৌধুৰী আদিৰ নেতৃত্বত জনসাধাৰণ গুৱাহাটীৰ জৰ্জ ফিল্ডত একত্ৰিত হৈ মহাত্মা গান্ধীৰ নেতৃত্বত আৰম্ভ হোৱা লোণ আইনৰ প্ৰতি আনুগত্য প্ৰদৰ্শন কৰে। কলিকতাত পঢ়ি থকা লীলাধৰ বৰুৱাই এই দাণ্ডি যাত্ৰাত অংশগ্ৰহণ কৰিছিল। কিন্তু পৰৱৰ্তী সময়ত লাহোৰ কংগ্ৰেছৰ সিদ্ধান্ত মতে আইন অমান্য আন্দোলনৰ কাৰ্যসূচী পালন কৰাত অসুবিধাই দেখা দিয়ে। অসমৰ কংগ্ৰেছ নেতৃত্বই ঘোষণা কৰিছিল যে, অসম এনে এক বৃহৎ আন্দোলনৰ বাবে প্ৰস্তুত নহয়। তৰুণ ৰাম ফুকন, ৰোহিনী কুমাৰ চৌধুৰী, নবীন চন্দ্ৰ বৰদলৈ আদি নেতাৰ আন্দোলনৰ সময়ত কোনো সক্ৰিয়তা নাছিল।আনহাতে, হেমচন্দ্ৰ বৰুৱা, মহম্মদ তৈয়বুল্লা, বিষ্ণুৰাম মেধি, অম্বিকাগিৰী ৰায়চৌধুৰীৰ দৰে নিষ্ঠাৱান নেতাসকলে কোনোমতে সংগঠনৰ কাম-কাজ চলাই ৰাখিছিল। আন্দোলনৰ বিভিন্ন দিশ চাবলৈ বহুতো সমিতি আৰু উপসমিতি গঠন কৰা হৈছিল। এই সমিতিবিলাকৰ উদ্দেশ্য আছিল পুজি বৃদ্ধি কৰা, বিদেশী বস্তু বৰ্জন কৰা, কানি আৰু সুৰাৰ ব্যৱহাৰৰ প্ৰতিবাদ কৰা, শোষণ আৰু দমনমূলক আইনৰ বিৰোধিতা কৰা। অমিয় কুমাৰ দাসৰ দৰে যুৱ নেতাই ছাত্ৰসকলক আন্দোলনৰ লগত জড়িত কৰিবলৈ চেষ্টা চলাইছিল, যদিও প্ৰথম অৱস্থাত আশানুৰূপ সহাৰি পোৱা নাছিল। অৱশ্যে ১৯৩০ চনৰ ১৪ এপ্ৰিলত জৱাহৰলাল নেহেৰু আৰু ৫ মে’ত মহাত্মা গান্ধীক পুলিচে গ্ৰেপ্তাৰ কৰাৰ প্ৰতিবাদত এক বৃহৎ সংখ্যক ছাত্ৰই হৰতালত অংশ গ্ৰহণ কৰিছিল। ছাত্ৰসকলে শিক্ষানুষ্ঠানসমূহ বৰ্জন কৰিছিল। কানিংহাম চাৰ্কুলাৰ জাৰি কৰি ছাত্ৰ আৰু তেওঁলোকৰ অভিভাৱকসকলক আন্দোলনত অংশ লোৱাৰ পৰা বিৰত ৰাখিছিল। চৰকাৰে দোষী সাব্যস্ত হোৱা সকলক জৰিমণা বিহাৰ লগতে ছাত্ৰ বৃত্তিৰ পৰা তেওঁলোকক বঞ্চিত কৰা হ'ব বুলি ঘোষণা জাৰি কৰিছিল। চৰকাৰৰ এই প্ৰৰোচনামূলক কাৰ্যই ছাত্ৰসকলক আন্দোলনত অংশ গ্ৰহণ কৰিবলৈ উৎসাহিতহে কৰিছিল। ১৯৩০ চনৰ জুলাই আৰু আগষ্ট মাহত ক্ৰমে ১৫,১৮৬ জনৰ ভিতৰত ৩১১৭ জন ছাত্ৰই শিক্ষানুষ্ঠান ত্যাগ কৰে। মদ আৰু কানিৰ দোকানসমূহ বন্ধ কৰি পেলোৱা হৈছিল। ৫০ শতাংশ ভূমিৰ খাজানা হ্ৰাসৰ দাবীৰে কৃষকসকলো এই আন্দোলনত জপিয়াই পৰিল। মুঠতে ছাত্ৰসকলৰ সৱল নেতৃত্বত আইন অমান্য আন্দোলনে অসমত যথেষ্ঠ প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হৈছিল।