Kenekoi Logo

Kenekoi.com

জানিব খোজাৰ নতুন ঠিকনা

'আঘোণৰ কুঁৱলী’ শীর্ষক কবিতাটিত সহজ-সৰল প্ৰেমৰ চিত্ৰ কেনেদৰে অংকিত হৈছে বুজাই লিখা।

‘আঘোণৰ কুঁৱলী’ কবিতাটিৰ মাজেৰে এফালে আঘোণৰ পথাৰৰ সোণবৰণীয়া ধাননিৰ মনোমোহা পৰিৱেশৰ মাজত নিভাঁজ প্রেমৰ সন্ধান আৰু আনফালে আঘোণৰ কুঁৱলীয়ে বাট ভেটি প্রেমৰ পথত আমনি কৰাত কবিৰ অন্তৰত যি বিষাদবোধ সৃষ্টি হৈছে তাৰ সহজ প্রকাশ ঘটিছে ।

মূৰত আধাবন্ধা খোপায়ে ওপৰলৈ মূৰ তুলিবলৈ সময় নোপোৱা দাৱনীৰ লিহিৰি আঙুলিৰ চিক চিকীয়া কাচিৰে কেচ কেচকৈ মুঠি মুঠি ধান কাটি থকাৰ দৃশ্য তেওঁ দেখিলেহেঁতেন । লগতে, লঘু পৰিহাসময় হাঁহিৰে দাৱনী সকলে ইটিয়ে সিটিক জোকোৱা আৰু প্রাণ চঞ্চলময় মধুৰ ধেমালিবোৰ কবিয়ে দেখিব পালেহেঁতেন । সোতৰ বছৰীয়া ভৰ যৌৱনা গাভৰুহঁতে তামোলৰ পিকেৰে ওঠ ৰঙা কৰি হাঁহিৰে চঞ্চলা মনে ‘যাঃ’ বুলি ঠেলা মাৰি কৰা অকপট ধেমালিবোৰ চাবলৈ কবি অতিকৈ আগ্রহী।মনহাঁহ খেদি বনশেষ হ’ল, কবিৰ বৌয়েকে কবিক সেউতিৰ কথা কৈছিল, কিন্তু কবিৰ মনত প্রশ্ন জাগিছে যে তেওঁৰ কথা সেউতীক কৈছিল জানো। আঘোণৰ কুঁৱলীত ধাননি লুকালে, দাৱনিক ঢাকিলে, সেউতীও হেৰাল । কবিক উপেক্ষিত কৰি হাতৰ তৰাজৰী হাততে থাকিল । এইদৰে ‘আঘোণৰ কুঁৱলী’ত সহজ সৰল প্রেমৰ চিত্র সুন্দৰভাৱে অংকিত হৈছে ।

Write Your Answer