আঘোণৰ পথাৰ সোণালী ধানেৰে উপচি পৰে। সেই সময়ত অসমীয়া মহিলাসকলে ধাননি পথাৰত বিভিন্ন কামত ব্যস্ত থাকে। অসমীয়া তিৰোতাসকলে পুৰুষৰ লগতে পথাৰৰ পৰা ধান কটা, ধান চপোৱা, আদি নানান কাম কৰিবলগা হয়। কবিয়ে কবিতাটোত ‘আঘোণৰ পথাৰত কাম আৰু কাম' কথাষাৰৰ দ্বাৰা এই ব্যস্ততাৰ ইংগিত কৰিছে।