'আঘোণৰ কুঁৱলী’ কবিতাটিত কবি কেশৱ মহন্তই আঘোণৰ পথাৰৰ এটি মনোমোহা চিত্র অংকণ কৰিছে ।
আঘোণৰ কুঁৱলীয়ে বাট ভেটি কবিক আমনি কৰিছে । ডাঠ কুঁৱলীৰ আৱৰণে কবিক একোকে নমনা কৰি তুলিছে । কবিৰ ভাব হয় কুঁৱলী নথকা হ’লে তেওঁ সোণবৰণীয়া ধানৰ মনোমোহা দৃশ্য দেখিলেহেঁতেন । মূৰত আধাবন্ধা খোপায়ে ওপৰলৈ মূৰ তুলিবলৈ সময় নোপোৱা দাৱনীৰ লিহিৰি আঙুলিৰ চিক চিকীয়া কাচিৰে কেচ কেচকৈ মুঠি মুঠি ধান কাটি থকাৰ দৃশ্যও তেওঁ দেখিলেহেঁতেন । লগতে, লঘু পৰিহাসময় হাঁহিৰে দাৱনী সকলে ইটিয়ে সিটিক জোকোৱা আৰু প্রাণ চঞ্চলময় মধুৰ ধেমালিবোৰ কবিয়ে দেখিব পালেহেঁতেন।গাভৰুহঁতে তামোলৰ পিকেৰে ওঠ ৰঙা কৰি হাঁহিৰে চঞ্চলা ধেমালিবোৰ চাবলৈ কবি আগ্রহী। তেওঁৰ মন সেউতীৰ কাষলৈ উৰা মাৰিছে। আনকি সেউতীৰ মনৰ কথা জানিবলৈ বৌয়েককে খাটনি ধৰিছে। কিন্তু আঘোণৰ কুঁৱলীয়ে পথাৰখন ঢাকি ৰখা বাবে তেওঁৰ প্ৰেয়সীক চাব নোৱাৰি মন বিষাদেৰে ভৰি পৰিছে। এনেদৰে কবিয়ে আঘোণৰ পথাৰৰ সহজ সৰল চিত্র অংকণ কৰিছে।