Add Book Write Article
Cancel

আছাম এছ’চিয়েচনৰ ব্ৰিটিছ শাসনাধীন অসমত সমাজ সংস্কাৰৰ বাবে আগবঢ়োৱা অৱদান সম্পৰ্কে লিখা।

By u255f5c61b2 on 1 week ago
April 9, 2025, 4:05 a.m.

১৯০৩ চনত জন্মলাভ কৰা আছাম এছ’চিয়েচনে ৰাইজৰ মুখ্য় পত্ৰ হিচাপে পোনপ্ৰথমে সেৱা আগবঢ়াইছিল। অৱশ্যে ই প্ৰত্যক্ষ আৰু সক্ৰিয়ভাৱে চৰকাৰৰ বিৰুদ্ধে কাৰ্যপন্থা লোৱা নাছিল। ই শান্তিপূৰ্ণভাৱে, সাংবিধানিক আৰু প্ৰশাসনীয় সংস্কাৰৰ মাধ্যমেৰে ৰাইজৰ সমস্যাসমূহ সমাধানৰ দাবী তুলিছিল। আছাম এছ’চিয়েচনৰ কেইবা জনো সদস্য আইন সভাৰ সদস্য হোৱাৰ বাবে সভাৰ প্ৰস্তাৱসমূহ আইনসভাত কাৰ্যকৰী কৰাৰ সুবিধা পাইছিল। এই অনুষ্ঠানটোৰ উল্লেখযোগ্য কাম-কাজসমূহ হৈছে 一

(i) পৌৰসভাত চৰকাৰী বিষয়া আৰু লোকেল ৱ’ৰ্ডত চাহ খেতিয়ক আধিপত্যৰ বিৰোধিতা কৰিছিল।

(ii) আছাম এছ’চিয়েচনে স্থানীয় সমিতিসমূহৰ গণতান্ত্ৰিককৰণৰ দাবী উত্থাপন কৰিছিল।

(iii) বৰ্ধিত কৰ, চৰকাৰৰ শুল্ক ব্যৱস্থা আৰু কানিৰ প্ৰচলনৰ বিৰোধিতা কৰিছিল।

(iv) শিক্ষাৰ দিশত অসমক আগুৱাই নিবলৈ চেষ্টা কৰিছিল। সেই উদ্দেশ্যে আছাম এছ’চিয়েচনে কটন কলেজত অসমীয়া শিক্ষকৰ নিযুক্তি আৰু অসমত কাৰিকৰী শিক্ষানুষ্ঠান স্থাপনৰ হকে মাত মাতিছিল।

(v) ১৯১৮ চনৰ মন্টোগ’- ছেমছফৰ্ডৰ ৰিপৰ্টৰ আধাৰত প্ৰস্তাৱিত শাসন সংস্কাৰত অসমকো সামৰি লোৱাৰ বাবে দাবী তুলিছিল। সেই উদ্দেশ্যে দাবী উত্থাপনৰ বাবে সাতজনীয়া এটা সঁজাতী দল কলিকতালৈ গৈছিল। পৰৱৰ্তী সময়ত নৱীন চন্দ্ৰ বৰদলৈ আৰু প্ৰসন্ন কুমাৰ বৰুৱাই সেই দাবীলৈ লণ্ডনলৈও গৈছিল। আছাম এছ’চিয়েচনৰ হেচাঁতে অসম মন্টেগ’ ছেমচফৰ্ড সংস্কাৰ আঁচনিৰ অধীনত আহিল।

(vi) ১৯২০ চনত অসমত বিশ্ববিদ্যালয় স্থাপনৰ বাবে দাবী তুলিছিল।

(vii) ১৯২১ চনৰ অসহযোগ আন্দোলনত আছাম এছ’চিয়েচনে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছিল।

(viii) বংগ বিভাজনৰ বিৰোধিতা কৰি অসমক পূৱ বংগৰ পৰা পৃথক কৰিবলৈ ১৯০৭ চনত আছাম এছ’চিয়েচনে চৰকাৰৰ ওচৰত স্মাৰকপত্ৰ দাখিল কৰিছিল।

(ix) বিধানসভাত প্ৰতিনিধিত্বৰ দাবী তুলিছিল।