Add Book Write Article
Cancel

আছাম এছ’চিয়েছনে ব্ৰিটিছ চৰকাৰৰ ওচৰত উত্থাপন কৰা বিষয়সমূহ কি আছিল ?

By u255f5c61b2 on 1 week ago
April 9, 2025, 4:02 a.m.

আছাম এছ’চিয়েছনে ব্ৰিটিছ চৰকাৰৰ ওচৰত উত্থাপন কৰা বিষয়সমূহ হৈছে 一

(i) পৌৰসভাত চৰকাৰী বিষয়া আৰু লোকেল ব’ৰ্ডত চাহ খেতিয়ক আধিপত্যৰ বিৰোধিতা কৰিছিল।

(ii) আছাম এছ’চিয়েছনে স্থানীয় সমিতিসমূহৰ গণতান্ত্ৰিকৰণৰ দাবী উত্থাপন কৰিছিল।

(iii) বৰ্ধিত কৰ, চৰকাৰৰ শুল্ক ব্যৱস্থা আৰু কানিৰ প্ৰচলনৰ বিৰোধিতা কৰিছিল।

(iv) শিক্ষাৰ দিশত অসমক আগুৱাই নিবলৈ চেষ্টা কৰিছিল। সেই উদ্দেশ্যে আছাম এছ’চিয়েছনে কটন কলেজত অসমীয়া শিক্ষকৰ নিযুক্তি আৰু অসমত কাৰিকৰী শিক্ষানুষ্ঠান স্থাপনৰ হকে মাত মাতিছিল।

(v) ১৯১৮ চনত মন্টোগ’- ছেমছফৰ্ডৰ ৰিপৰ্টৰ আধাৰত প্ৰস্তাৱিত শাসন সংস্কাৰত অসমকো সামৰি লোৱাৰ বাবে দাবী তুলিছিল। সেই উদ্দেশ্যে দাবী উত্থাপনৰ বাবে সাতজনীয়া এটা সজাতী দল কলিকতালৈ গৈছিল। পৰৱৰ্তী সময়ত নবীন চন্দ্ৰ বৰদলৈ আৰু প্ৰসন্ন কুমাৰ বৰুৱাই সেই দাবী লৈ লণ্ডনলৈও গৈছিল। আছাম এছ’চিয়েছনৰ হেঁচাতে অসম মন্টেগ’ ছেমচফৰ্ড সংস্কাৰ আঁচনিৰ অধীনত আহিল।

(vi) ১৯২০ চনত অসমত বিশ্ববিদ্যালয় স্থাপনৰ বাবে দাবী তুলিছিল।

(vii) ১৯২১ চনৰ অসহযোগ আন্দোলনত আছাম এছ’চিয়েছনে সক্ৰিয়ভাৱে অংশ গ্ৰহণ কৰিছিল।

(viii) বংগ বিভাজনৰ বিৰোধিতা কৰি অসমক পূৱ বংগৰ পৰা পৃথক কৰিবলৈ ১৯০৭ চনত আছাম এছ’চিয়েছনে চৰকাৰৰ ওচৰত স্মাৰক পত্ৰ দাখিল কৰিছিল।

(ix) বিধান সভাত প্ৰতিনিধিত্বৰ দাবী তুলিছিল।