Add Book Write Article
Cancel

"আজি যন্ত্ৰৰ যুগত গুৰুৰ স্থান সৰহখিনি কিতাপে কাঢ়ি লৈছে ৷ এতিয়া কিতাপেই গুৰু ৷" কথাখিনি পাঠটিৰ সহায়ত আলোচনা কৰা ৷

By uf9b861367c on 2 weeks ago
April 4, 2025, 8:49 a.m.

আগৰ দিনত গুৰুগৃহত থাকি ছাত্ৰই জ্ঞান লাভ কৰিছিল ৷ সেইকালত কিতাপ-পত্ৰৰ অভাৱ থকাত ছাত্ৰই গুৰুৰ মুখৰ পৰা যি ওলায় তাৰ ওপৰতে নিৰ্ভৰ কৰিছিল ৷ বৰ্তমান জগত ছপাখানা, কিতাপ-আলোচনীৰ জগত৷কিতাপ আওকাণ কৰি আমি জীয়াই থাকিব নোৱাৰোঁ৷ কিতাপ লাজে জ্ঞানৰ কাৰণে৷ জ্ঞান-বিদ্যাৰে চহকী, জীৱনৰ চেপাত পোৱা তিতা-কেঁহাৰে বহুতো লোকে তেওঁলোকৰ অভিজ্ঞতাবোৰ কিতাপত লিপিৱদ্ধ কৰি থৈ গৈছে৷ কিতাপ মানৱ জাতিৰ উমৈহতীয়া সম্পত্তি৷ যুগে যুগে কিতাপে মানুহৰ মন আকৰ্ষণ কৰি আহিছে৷ ধৰ্মপুথি, আত্মজীৱনী, উপন্যাস আদিৰ পৰা আৰম্ভ কৰি ৰন্ধা-বঢ়া, বোৱা-কটা আদি বিবিধ কিতাপে জনসাধাৰণৰ মাজত সমাদৰ লাভ কৰিছে৷ বৰ্তমান সময়ত কিতাপেই গুৰু৷ সেই হেতুকে আজি যন্ত্ৰৰ যুগত গুৰুৰ স্থান সৰহখিনি কিতাপে কাঢ়ি লৈছে ৷