আনন্দৰাম বৰুৱাৰ বাবে কৰ্মই আছিল জীৱন ৷ কৰ্মহীনতাই প্ৰকৃত মৃত্যুস্বৰূপ বুলি তেওঁ গণ্য কৰিছিল ৷ কৰ্মৰ বাবে তেওঁ কেতিয়াও প্ৰশংসা বিচৰা নাছিল ৷ এনেদৰে কৰ্মক্ষেত্ৰত তেওঁ সংকল্প, দেশপ্ৰেম, অগাধ পাণ্ডিত্য, পিতৃ মাতৃৰ প্ৰতি অচলা ভক্তি আদি গুণবোৰ সদায় অনুকৰণ কৰিবলগীয়া বুলি লেখকে উল্লেখ কৰিছে ৷