Add Book Write Article
Cancel

আনন্দৰাম বৰুৱাৰ মহৎ কৰ্মৰাজি আমি কেনেদৰে গ্ৰহণ কৰিব পাৰো বুজাই লিখা ৷

By uf9b861367c on 2 weeks ago
April 4, 2025, 12:54 p.m.

আনন্দৰাম বৰুৱাৰ কৰ্মৰাজিয়ে এটা নৱযুগৰ আৰম্ভণি কৰিলে ৷ তেওঁৰআদৰ্শসমূহে অসমীয়াক নতুন দিগন্তৰ সন্ধান দিলে ৷ তেওঁৰ জীৱনৰ মূলমন্ত্ৰ আছিল কৰ্ম আৰু একাগ্ৰতা৷কৰ্ম আৰু একাগ্ৰতাৰ বিবেই আজিৰ পৰা ডেৰশ বছৰৰ পূৰ্বেই উচ্চশিক্ষাৰ বাবে ইউৰোপ পাইছিলগৈ ৷ জাতি যোৱাৰ ভয়ত যিসময়ত এচাম মানুহ ইউৰোপলৈ যাবলৈ ভয় কৰিছিল তেনেসময়ত আনন্দৰামে সেইসময়ত শিক্ষাজগতৰ এখন নতুন দ্বাৰ উন্মোচন কৰিবলৈ সক্ষম হৈছিল ৷ ইংৰাজী আৰু সংস্কৃত দুইটা ভাষাতে গভীৰ জ্ঞান থকা আনন্দৰাম বৰুৱাই ভালেকেইখন অম গ্ৰন্থ ৰচনা কৰি প্ৰাচ্য আৰু পাশ্চাত্যৰ বৌদ্ধিক ক্ষেত্ৰত সমন্বয় সাধন কৰিছিল ৷ দেশপ্ৰেম আৰু স্বজনৰ প্ৰতি থকা ভক্তিও আনন্দৰাম বৰুৱাৰ চৰিত্ৰৰ প্ৰধান গুণ৷তেওঁ য’তেই সুবিধা পাইছে তাতেই মাতৃভূমিৰ নাম উল্লেখ কৰিছে ৷ পিতৃ-মাতৃ আৰু ভাতৃৰ নাম উল্লেখ কৰি স্বজনৰ প্ৰতি থকা ভক্তি আৰু শ্ৰদ্ধা প্ৰকাশ কৰিছে ৷ তেওঁৰ এই মহৎ আদৰ্শৰাজিৰ অনুকৰণেৰে আমি নিজকে উন্নতিৰ পথত আগুৱাই নিব পাৰোঁ ৷