চিঠি হৈছে এক যোগাযোগৰ মাধ্যম। এসময়ত চিঠিৰ দ্বাৰাই সকলো তথ্যৰ আদান প্ৰদান কৰা হৈছিল।সময়ো লাগিছিল যথেষ্ট।এখন চিঠিৰ বাবে কৰা সেই অপেক্ষাৰ সময়খিনিও মধুৰ।কর্মজীৱনৰ পৰা অৱসৰ লোৱাৰ পাছত ভূদেৱ চৌধুৰীয়ে অকলশৰীয়া সময়ত বন্ধু প্রশান্ত শর্মালৈ এখন চিঠি লিখে। তাৰ পিছদিনাৰ পৰা তেওঁ চিঠিৰ উত্তৰৰ বাবে অপেক্ষা কৰে। চিঠি অহাৰ সময়খিনিত বাহিৰৰ কোঠাত বহি তেওঁ বাট চাই ৰয়।
আকৌ দেখা যায় যে ভূদেৱ চৌধুৰী বাগানত থকা কালছোৱাত পত্নীৰ পৰা চিঠি পাবলৈ অধীৰ হৈ অপেক্ষা কৰিছিল। কেতিয়াবা কেতিয়াবা তেওঁ চিঠি আহিব লগা দিনৰ সন্ধিয়ালৈ ধৈর্য ধৰি থাকিব নোৱাৰি নিজেই চাৰি মাইল দূৰৈত থকা টিংখঙলৈ আগবাঢ়ি গৈছিল। আনফালে প্রশান্ত শর্মাই ভূদেৱ চৌধুৰীৰ পৰা চিঠিখন পাই এক মধুৰ আনন্দ লাভ কৰিছে। তেওঁ চিঠিখন সকলোকে দেখুৱাইছে। নিজৰ পৰিয়াল, আনকি ঘৰলৈ অহা আলহী আদি সকলোৰে লগত ভূদেৱ চৌধুৰীৰ বিষয়ে আলোচনা কৰিছে।চিঠিখনৰ এক উত্তৰ লিখিবলৈ তেওঁ লেফাফা এটিও যোগাৰ কৰিছে। কিন্তু তেওঁৰ মৃত্যু হোৱাত সেই চিঠিৰ উত্তৰ দিব নোৱাৰিলে। এইদৰে শীলভদ্ৰৰ 'চিঠি' পাঠটিত আপোনজনৰ পৰা পোৱা চিঠি আৰু সেই চিঠিৰ বাবে কৰা অপেক্ষাৰ মধুৰ সময়খিনি সুন্দৰ ৰূপত প্রকাশ পাইছে।