আমাৰ বিশ্ব ব্রহ্মাণ্ডখনৰ ৰহস্য উদ্ঘাটনৰ ব্যৱস্থাটোৱেই হ’ল বিজ্ঞান।বিজ্ঞানত আমি দেখা বস্তু আৰু ঘটনাবোৰৰ একোটা সুসংবদ্ধ ব্যাখ্যা দিবলৈ চেষ্টা কৰা হয়।কিন্তু এই ব্যাখ্যাবোৰ পৰীক্ষা কৰি চাব পৰা বিধৰ হ'ব লাগিব। পর্যবেক্ষণ কৰা,জোখ-মাপ লোৱা , সত্যৰ অনুসন্ধান কৰা,বস্তু বা ঘটনাৰ ধর্ম বা চৰিত্ৰ ফঁহিয়াই চাই তাৰ বিষয়ে এটা সিদ্ধান্তলৈ অহা ,এইবোৰ হ'ল বিজ্ঞানীৰ কাম।
বিজ্ঞানৰ আৱিষ্কাৰৰ দিশলৈ চাব গ'লে দেখা যায় যে -আদিম মানুহ এজনে শিলত শিল দলিয়াই থাকোতে শিলে শিলে ঘর্ষণ হৈ জুই উঠিল। সেই পর্যবেক্ষণৰ পিছত তেওঁ জুই জ্বলি উঠা প্রক্রিয়াটো বাৰে বাৰে কৰি থাকিল আৰু সিদ্ধান্তলৈ আহিল যে শিলে শিলে ঘর্ষণ খালে জুই উঠে। তেওঁ জুইৰ ধৰ্ম অধ্যয়ন কৰিলে। এনেদৰে আদিম মানুহে জুইৰ ব্যৱহাৰ শিকিলে। তাৰ পিছত প্রথম বিজ্ঞানীজনে নিজকে সুধিলে – জুই কেনেকৈ জ্বলে,কেনেকৈ এই জুই অন্য ঠাইলৈ নিব পাৰি।তাৰ উত্তৰ বিচাৰি তেওঁ বিভিন্ন বস্তু ঘঁহি চাইছিল। বিভিন্ন বস্তুৰে জুই ধৰি ৰাখিবলৈ চেষ্টা কৰিছিল। এয়াই আছিল প্রথম বিজ্ঞানীজনৰ পদ্ধতি। প্রথম বিজ্ঞানীজনৰ পদ্ধতি আজিৰ যুগতো একেবাৰে সলনি হোৱা নাই। মাত্র সি বেছি সুক্ষ্ম, বেছি নিখুঁত হৈছে। আজিৰ সমাজৰ বিজ্ঞানীজনে খালী চকু, খালী হাতেৰে পর্যবেক্ষণ তথা পৰীক্ষা কৰাৰ সলনি উন্নত যন্ত্রপাতি, উন্নত কৌশল ব্যৱহাৰ কৰিছে। পর্যবেক্ষণৰ বাবে তেওঁৰ হাতত এক্স-ৰশ্মিৰ দূৰবীণ, আলোকীয় বা ৰেডিঅ' দূৰবীণ, অণুবীক্ষণ যন্ত্র, লেজাৰ ৰশ্মি, অপটিকেল ফাইবাৰ আদি আছে। পৰীক্ষাৰ বাবে তেওঁৰ হাতত উন্নত তর্জুৰ পৰা আৰম্ভ কৰি পদার্থ-কণা-ত্বৰকৰ দৰে হেজাৰ হেজাৰ বস্তু আছে।মুঠতে ক'ব পাৰি যে বিজ্ঞানী সকলে আমাৰ বিশ্ব ব্রহ্মাণ্ডখনৰ ৰহস্য উদ্ঘাটনৰ বাবে প্ৰত্যেক সময়তে চেষ্টা চলাই আহিছে।