Add Book Write Article
Cancel

আহোম যুগৰ আটাইতকৈ জনপ্ৰিয় খেলবিধ কি?এই খেল সম্পৰ্কে চমুকৈ লিখা৷

By uf9b861367c on 2 weeks ago
April 4, 2025, 9:22 a.m.

আহোম যুগৰ আটাইতকৈ জনপ্ৰিয় খেলবিধ হ’ল- ম’হ যুঁজ ৷ এই ম’হ যুঁজত কোনো নিৰ্দিষ্ট নীতি-নিয়ম দেখা পোৱা নাযায় যদিও প্ৰতিযোগীতাত বিজয়ী হোৱা ম’হৰ গৰাকীৰ বাবে এই কৃতিত্ব গৌৰৱ আৰু আত্মসন্মানৰ কথা৷এই যুঁজৰ ভালেমান দিন আগৰেপৰা যুঁজাৰু ম’হক কামৰ বোজা কমাই ভালকৈ তত্ত্বাৱধান লোৱা হয় ৷ খাদ্যৰ ওপৰতো যথেষ্ট গুৰুত্ব দিয়া হয়৷ম’হ প্ৰতিপালন কৰা ঠাই টুকুৰাত আন মানুহ যোৱাতো বন্ধ কৰি দিয়া হয় ৷ শেষ নিশা ম’হক চৰাবলৈ নিয়া হয় যাতে ম’হে পেট পূৰাই খাব পাৰে ৷ যুঁজৰ দিনা যেতিয়া ম’হ দুটাক যুঁজিব দিয়া হয় ৷ শিঙে শিঙে কৰা যুদ্ধত কোনোবা এটা ম’হ তৰা-নৰা ছিঙি প্ৰাণ ৰক্ষাৰ বাবে পলায় ৷ বাকীথকা ম’হটো জয়ী হয় ৷