পদ্মনাথ গোহাঁইবৰুৱাৰ নেতৃত্বত ১৮৯৩ চনত আহোম সভা গঠন কৰা হৈছিল।আহোম জনগোষ্ঠীৰ ৰাজনৈতিক, অৰ্থনৈতিক, শৈক্ষিক আৰু সাংস্কৃতিক অৱনতিৰ প্ৰতি লক্ষ্য ৰাখি এই সভা গঠন হৈছিল। আহোম জনগোষ্ঠীৰ মাজৰ পৰা কানিৰ প্ৰচলন নাইকিয়া কৰিবলৈও এই সভা যত্নপৰ হৈছিল। ১৯১০ চনত এই সভাক সদৌ অসম আহোম এছ’চিয়েছন নাম দিয়া হয়। এই এছ’চিয়েছনৰ এক উল্লেখযোগ্য ৰাজনৈতিক দাবী আছিল। আহোমসকলক চৰকাৰীভাৱে সংখ্যালঘু সম্প্ৰদায়ৰ মৰ্যদা প্ৰদান কৰি তেওঁলোকৰ বাবে বিধান সভাত আসন সংৰক্ষণ কৰা আৰু পৃথক সমষ্টি গঠন কৰা। এই উদ্দেশ্যে ১৯৩০ আৰু ৪০ দশক দুটাত আহোম সভাই সক্ৰিয়ভাৱে দাবী তুলিছিল। ইয়াৰ পিছত এছ’চিয়েছনত বিভাজিত হৈ ক্ৰমাৎ দুৰ্বল হৈ পৰে।