Kenekoi Logo

Kenekoi.com

জানিব খোজাৰ নতুন ঠিকনা

"ইন্টাৰনেটৰো মিঠা সুবিধাৰ লগতে তিতা অসুবিধাও আছে" 一 কথাষাৰৰ বক্তা কোন? ইন্টাৰনেটৰ সুবিধা আৰু অসুবিধাৰ বিষয়ে পাঠটোৰ আধাৰত বুজাই লিখা।

"ইন্টাৰনেটৰো মিঠা সুবিধাৰ লগতে তিতা অসুবিধাও আছে" 一 কথাষাৰৰ বক্তা শ্বাৱানা বাইদেউ।

ইয়াত ইন্টাৰনেটৰ ভাল সুবিধাখিনিক মিঠা সুবিধা আৰু অসুবিধাখিনিক তিতা অসুবিধা বুলি কোৱা হৈছে। মিঠা সুবিধাসমূহে মানৱ সভ্যতাই উন্নতিৰ জখলাত স্বড়িত গতিৰে আগবঢ়াই নি উন্নতিৰ সপোন ৰচিব পাৰিব। ইন্টাৰনেটৰ জৰিয়তে বিভিন্ন শৈক্ষিক কাৰ্যক্ৰম, নীতিশিক্ষা পাব পৰা চিনেমা, চিৰযুগমীয়া গান, খেলা-ধূলা, পৃথিৱীৰ বিভিন্ন ধৰণৰ বা-বাতৰি, খা-খবৰ আদি ল'ব পাৰি। ইন্টাৰনেটৰ এইবোৰ সুবিধাক মিঠা সুবিধা বোলা হয়। আনহাতে, ইন্টাৰনেটৰ বহু অসুবিধাও আছে। ইন্টাৰনেটে নতুন প্ৰজন্মক কিতাপৰ জগতখনৰ পৰা, খেলা-ধূলা জগতখনৰ পৰা, সাহিত্য-সংস্কৃতিৰ পৰা বহু পৰিমাণে আঁতৰাই আনিছে। তদুপৰি ইন্টাৰনেটৰ জৰিয়তে বহুতো ভুৱা বাতৰি প্ৰচাৰ হয়। এনেবোৰ ভুৱা বাতৰিয়ে সমাজত ভয়ানক সমস্যাৰ সৃষ্টি কৰাৰো উদাহৰণ আছে। গতিকে কোনেও যেন ইন্টাৰনেটৰ পৰা এনে পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া নহয় তাৰ বাবে সীমিতভাৱে আৰু সচেতনতাৰে ব্যৱহাৰ কৰিব লাগে। ইন্টাৰনেটৰ এনে অসুবিধাবোৰক তিতা অসুবিধা বোলে।

Write Your Answer