Kenekoi Logo

Kenekoi.com

জানিব খোজাৰ নতুন ঠিকনা

ইন্টাৰনেটৰ সহায়ত কুঁৱলীয়ে কি কি নতুন অভিজ্ঞতা আহৰণ কৰিলে?

ইন্টাৰনেটে কুঁৱলীৰ মন-মগজু সম্পূৰ্ণৰূপে অধিকাৰ কৰি ৰাখিবলৈ ধৰিলে। ইন্টাৰনেটৰ সহায়ত কুঁৱলীয়ে ন ন অভিজ্ঞতা অৰ্জন কৰিলে। ইন্টাৰনেটৰ বিভিন্ন ৱেবচাইটসমূহৰ পৰা তাই বিজ্ঞানৰ বিভিন্ন পৰীক্ষা-নিৰীক্ষাৰ বিষয়েও শিকি ল'লে। তাই ই-মেইলৰ সোৱাদত ইমান অভিভূত হ'ল যে ভিডিঅ' কলিঙৰ সোৱাদ ল'বলৈ উদগ্ৰীৱ হৈ পৰিল। কুঁৱলীয়ে নীতিশিক্ষা থকা পুৰণি চিনেমা, সুগায়ক-গায়িকাৰ মন-প্ৰাণ পুলকিত কৰা চিৰযুগমীয়া গীতসমূহৰ লগতে খেলা-ধূলাত তাই আজৰি পৰত উপভোগ কৰি মনটো প্ৰফুল্লিত কৰি ৰাখে।

Write Your Answer