Kenekoi Logo

Kenekoi.com

জানিব খোজাৰ নতুন ঠিকনা

ইন্‌ফচিচ কোম্পানীৰ প্ৰতিষ্ঠাপক কোন? তেওঁ ভাৰতবৰ্ষ তথা বিশ্বৰ এজন সফল উদ্যোগী হোৱাৰ আঁৰৰ কাহিনীটো বৰ্ণনা কৰা।

ইন্ফচিচ কোম্পানীৰ প্ৰতিষ্ঠাপক হ'ল নাৰায়ণ মূৰ্ত্তী।

তেওঁ ভাৰতবৰ্ষ তথা বিশ্বৰ এজন সফল উদ্য়োগী বা "entrepreneur"। কিন্তু তেওঁ কোনো সোণৰ চামুচ মুখত লৈ জন্ম হোৱা নাছিল। কৰ্ণাটকৰ এক নিম্ন মধ্য়বিত্ত পৰিয়ালত তেওঁৰ জন্ম হৈছিল। সৰুৰে পৰা এজন উদ্য়োগী হোৱাৰ তেওঁৰ দুৰ্বাৰ হেঁপাহ আৰু হাবিয়াস আছিল। সেয়ে অভিযান্ত্ৰিক শিক্ষা সমাপ্ত কৰি কিছুদিন চাকৰি কৰাৰ পাছতে তেওঁৰ চাকৰি ত্য়াগ কৰি Softronics নামৰ এক কোম্পানী প্ৰতিষ্ঠা কৰে। কিন্তু প্ৰতিষ্ঠা কৰাৰ ডেৰ বছৰৰ পাছতে দেউলিয়া হৈ কোম্পানীটো বন্ধ হৈ যায়। কোম্পানীটো বন্ধ হৈ যোৱাৰ পাছত নাৰায়ণ মূৰ্ত্তীদেৱে পুনৰ চাকৰিত যোগদান কৰে যদিও অৱশেষত চাকৰি বাদ দি কেইজনমান বন্ধুৰ লগ লাগি Infosys নামৰ কোম্পানী আৰম্ভ কৰে। এই কোম্পানী খুলিবৰ বাবে নাৰায়ণ মূৰ্ত্তীক তেওঁৰ পত্নীয়ে দহ হাজাৰ টকা নিজৰ সাচতীয়া ধনৰ পৰা আগবঢ়াই দিয়ে। নিজৰ ঘৰৰ পৰা দহ হাজাৰ টকা মূলধনেৰে আৰম্ভ কৰা ইনফচিচ প্ৰথম অৱস্থাত বহুতো বাধা, ঘাত-প্ৰতিঘাতৰ সন্মুখীন হ'ব লগা হৈছিল। নব্বৈৰ দশকত তেতিয়াৰ বিত্তমন্ত্ৰীয়ে ভাৰতীয় অৰ্থনীতিক মুকলি কৰি দিয়াত ইন্ফচিচৰ হাতলৈ অফুৰন্ত সুযোগ আৰু সুবিধা আহে। সময়ৰ শৰ সময়ত মৰাৰ পাছত নাৰায়ণ মূৰ্ত্তী আৰু তেওঁলোকৰ কোম্পানীয়ে পাছলৈ ঘূৰি চাব লগা নহ'ল। ধৈৰ্য্য় আৰু একাগ্ৰতাৰে সুযোগৰ অপেক্ষা কৰি সময়ৰ শৰ সময়ত মৰাত আজি নাৰায়ণ মূৰ্ত্তী বিশ্বৰ ভিতৰত এজন সফল আৰু নামজ্বলা উদ্য়োগী।

Write Your Answer