বসন্তৰ মনোৰম দিনৰ আৰম্ভণিতে ইৰাণীসকলে তেওঁলোকৰ নৱবৰ্ষ অৰ্থাৎ 'ন' ৰোজ পালন কৰে। দুসপ্তাহ জুৰি উদযাপন কৰা এই উৎসৱ আৰম্ভ হয় বসন্তৰ প্ৰথম দিনটোত, যেতিয়া সূৰ্যই বিষুৱ ৰেখা অতিক্ৰম কৰে। নৱবৰ্ষৰ সময়ত বুশ্বেৰৰ স্কুল-কলেজ, চৰকাৰী কাৰ্যালয়, হোটেল আদি সকলোতে শিবিৰ স্থাপন কৰা হয়। যাতে, ইৰাণীসকলে ভালদৰে নৱবৰ্ষ উৎযাপন কৰিব পাৰে। নৱবৰ্ষ উৎযাপন উপলক্ষে তেওঁলোক সকলোৱে নতুন কাপোৰ পৰিধান কৰে আৰু বহুতো পিঠা-পনা বনায়। নৱবৰ্ষৰ এই উৎসৱত বহুতো বিষয় সামৰি লোৱা হয়। বিষয়সমূহ হ'ল চহৰখনৰ পৰিৱেশ আৰু নিজকে চাফ-চিকুণ কৰা, শত্ৰুভাৱ দূৰ কৰি সকলোৰে লগত বন্ধুত্ব স্থাপন কৰা, অগ্নিশিখা প্ৰজ্বলন কৰা, সীমান্ত নদী বা সাগৰৰ অভিমূখে যাত্ৰা ইত্য়াদি।
এই উৎসৱৰ সময়ত যিকোনো পাৰ্ছি গৃহতে টেবুল বা কাৰ্পেটৰ ওপৰত এখন সুন্দৰ কাপোৰ পাৰি সাতবিধ খাদ্য়বস্তু সজোৱা হয়। এই সাতবিধ খাদ্য়ৰ কাষত পৱিত্ৰ কোৰাণ আৰু হাফেজৰ কবিতা পঢ়ে। বছৰৰ শেষ বুধবাৰে ৰাজহুৱা স্থানত মেজি জ্বলাই জুইৰ ওপৰেৰে পাৰ হৈ পাৰ্থনা কৰে আৰু জুইৰ পোহৰত কাঁহী-বাটি বজায় আৰু মানুহৰ ঘৰে ঘৰে গৈ আতিথ্য় গ্ৰহণ কৰে।