ইৰাণৰ ইতিহাস অতি প্ৰাচীন। ইৰাণ হ'ল মানৱ সভ্য়তাৰ প্ৰাচীন ইতিহাসৰ ধ্বজাবাহক। এই প্ৰাচীন সভ্য়তা আজিও সজীৱ হৈ আছে। প্ৰত্নতাত্ত্বিক, ঐতিহাসিক, সাংস্কৃতিক, ঐতিহ্য় তথা বিৰল কীৰ্তিস্তম্ভৰ যোগেদি।
প্ৰায় চাৰি হাজাৰ বছৰ পূৰ্বে আৰ্যগোষ্ঠীৰ লোকসকলে ইৰাণলৈ আহি বসতি স্থাপন কৰিছিল। খ্ৰীষ্টপূৰ্ব প্ৰায় ছয় শতিকাৰ পূৰ্বে বিখ্য়াত ৰজা ছাইৰাছে উত্তৰ ইৰাণৰ "মেডেছ"সকলক পৰাস্ত কৰি ইৰাণবাসীক একত্ৰিত কৰিছিল। খ্ৰীষ্টপূৰ্ব ৫২৯ ত ছাইৰাছৰ মৃত্য়ু হয় আৰু নতুন ৰজা দৰিয়াছে সাম্ৰাজ্য় প্ৰসাৰৰ প্ৰয়াস কৰে যদিও পৰৱৰ্তী কালত আলেকজেণ্ডাৰৰ আগমনত ছাইৰাছৰ পাৰ্ছেপলিছ সাম্ৰাজ্য়ৰ পতন ঘটিছিল। খ্ৰীষ্টপূৰ্ব দ্বিতীয় শতিকালৈ ইৰাণত গ্ৰীকসকলে শাসন কৰাৰ পাছত পাৰ্থিয়ানসকলে ইৰাণৰ শাসনভাৰ লাভ কৰিছিল আৰু পাৰ্থিয়ানসকলৰ ৰাজত্বকালত "জোৰাষ্ট্ৰিয়ান" ধৰ্মই ইৰাণৰ ৰাজধৰ্ম হিচাপে স্বীকৃতি লাভ কৰিছিল। ৩৫০ বছৰ কাল পাৰ্থিয়ানসকলে শাসন কৰাৰ পাছত চাৰিটা শতিকা "ছাজানিক"সকলে ইৰাণত শাসন কৰিছিল। ইয়াৰ পাছতেই আৰৱসকলৰ ইৰাণলৈ আগমন ঘটে আৰু ইয়াৰ লগে লগে ইৰাণৰ ইতিহাসৰ পৰিৱৰ্তন হ'বলৈ ধৰিছিল। আৰৱসকলে ইৰাণলৈ "মুছলিম" ধৰ্মৰ আগমন ঘটাইছিল আৰু সময় অতিবাহিত হোৱাৰ লগে লগে ইছলাম ধৰ্মক ইৰাণৰ মুখ্য় ধৰ্ম হিচাপে স্বীকৃতি দিয়া হৈছিল।
ইৰাণৰ শাসনকালৰ ভিতৰত অন্য়তম আছিল নাদিৰ শ্বাহ। তেওঁৰ ৰাজত্বকাল ১৭৩৭-১৭৪৭। তেওঁলোকে প্ৰথম বিশ্বযুদ্ধলৈ ইৰাণত শাসন কৰিছিল। প্ৰথম বিশ্বযুদ্ধৰ পিছত ৰেহাশ্বাহ পাহ্ণাভিয়ে ইৰাণৰ শাসনভাৰ হাতত ল'লে আৰু তেতিয়াৰে পৰা আধুনিকীকৰণৰ প্ৰচেষ্টাৰ আৰম্ভণি হ'ল। ১৯৭৯ চনৰ বিখ্য়াত ধৰ্মীয় বিপ্লৱৰ ফলস্বৰূপে পহিলা এপ্ৰিলৰ পৰা ইৰাণে ইছলামিক গণতন্ত্ৰ হিচাপে স্বীকৃতি লাভ কৰে।