Add Book Write Article
Cancel

উত্তৰ-পূৰ্বাঞ্চলৰ এক উমৈহতীয়া সুকীয়া পৰিচয় কেনেকৈ সৃষ্টি হৈছে?

By u255f5c61b2 on 1 week ago
April 9, 2025, 10:24 a.m.

উত্তৰ-পূৰ্বাঞ্চল শব্দটো বিট্ৰিছ শাসকসকলে উদ্ভাৱন কৰিছিল ǀ এই শব্দটোৱে সামৰি লোৱা অঞ্চলবোৰ হৈছে- অসম, অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা, মেঘালয় (পৰৱৰ্তী সময়ত ছিক্কিম ও ইয়াত অন্তৰ্ভুক্ত হয়)। প্ৰত্যেকৰে নিজা নিজা কৃষ্টি সংস্কৃতি আৰু ৰাজনৈতিক ইতিহাস আছে। এই সমগ্ৰ অঞ্চলটোৰ কেতবোৰ উমৈহতীয়া বৈশিষ্ট্যৰ বাবে অঞ্চলটোৱে এক সুকীয়া পৰিচয় লাভ কৰিছে।

উত্তৰ-পূৰ্বাঞ্চলৰ এক উমৈহতীয়া সুকীয়া পৰিচয় সৃষ্টি হোৱাৰ ক্ষেত্ৰত অঞ্চলটোৰ ভৌগোলিক পৰিস্থিতিয়ে বিশেষ সহায় কৰিছে। উত্তৰ-পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যই পাহাৰীয়া ǀ ব্ৰহ্মপুত্ৰ আৰু বৰাক নদীৰ উপত্যকাই সৃষ্টি কৰা সমতল অংশ মাজভাগত লৈ অসমখনক উত্তৰ, পূৱ আৰু দক্ষিণ দিশত আন ৰাজ্যকেইখনে আৱৰি আছে। ঠিক তেনেদৰে উত্তৰ-পূৰ্বাঞ্চলৰ কেইখন ৰাজ্যকেইখন বাংলাদেশ, ভূটান ম্যানমাৰ আদি বিদেশী ৰাষ্ট্ৰই আগুৰি আছে। অসমকে ধৰি সমগ্ৰ অঞ্চলটোৰ অধিকাংশ লোকেই বৃহত্তৰ মংগোলীয় জনগোষ্ঠীৰ বিভিন্ন শাখা প্ৰশাখাৰ অন্তৰ্গত জনজাতীয় লোক ǀ নগাসকলৰ একাংশৰ মাজত নিগ্ৰো নৃ-গোষ্ঠীৰ উপাদান পোৱা যায় ǀ মেঘালয়ৰ খাছীয়াসকল অষ্ট্ৰিক গোষ্ঠীৰ লোক ǀ পাহাৰীয়া ৰাজ্যকেইখনৰ জনসাধাৰণ ঠাইবিশেষে হিন্দু, খ্ৰীষ্ট্ৰীয়ান, বৌদ্ধ ধৰ্মৰ অনুৰাগী। উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰতিখন ৰাজ্যতে অনেক গোষ্ঠীগত ফৈদ তথা শাখা-প্ৰশাখাৰে সৈতে বহু সংখ্যক জনগোষ্ঠীয় লোকে বাস কৰে ǀপৰম্পৰাগত পোছাক,নৃত্য গীত,বাদ্য, উৎসৱ, দোৱান, লোক বিশ্বাস, ৰীতি নীতি আদিৰে বৰ্ণিল সংস্কৃতি প্ৰতিখন ৰাজ্যতে দেখিবলৈ পোৱা যায় ǀ প্ৰতিখন ৰাজ্যতে কম বেছি পৰিমাণে ঝুম খেতিৰ প্ৰচলন, পৰম্পৰাগতভাৱে প্ৰস্তুত কৰা মদিৰাপান, আমিষ খাদ্য, পৰম্পৰাগত গ্ৰাম্য প্ৰশাসন, খেৰ বাঁহ আদিৰে নিৰ্মিত চাঙঘৰ বা পৰম্পৰাগত স্বকীয় শৈলীৰ ঘৰ দেখিবলৈ পোৱা যায় ǀ উপৰুক্ত কাৰণসমূহৰ বাবেই উত্তৰ পূৰ্বাঞ্চলৰ এক উমৈহতীয়া সুকীয়া পৰিচয় সৃষ্টি হৈছে ǀ