Add Book Write Article
Cancel

উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ ধৰ্মীয় বাতাৱৰণৰ বিষয়ে চমুকৈ লিখা ǀ

By u255f5c61b2 on 1 week ago
April 9, 2025, 10:24 a.m.

ইংৰাজৰ শাসনকালত উত্তৰ পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যৰ বাসিন্দাসকলৰ মাজত মিছনেৰীসকলে খ্রীষ্টিয়ান ধর্মৰ প্রসাৰ ঘটায় । উত্তৰ পূর্বাঞ্চলৰ ৰাজ্যকেইখনৰ ভিতৰত অসমত আর্যভাষা আৰু হিন্দুধর্মৰ প্রসাৰ অতি প্রাচীন কালতেই ঘটিছিল । অনুৰূপ ধৰণে মণিপুৰ আৰু ত্রিপুৰাতো অতি প্রাচীন কালতেই হিন্দুধর্মৰ প্রসাৰ ঘটিছিল । অৱশ্যে এই অঞ্চলটোৰ পাহাৰীয়া জনজাতিসকলৰ মাজত এতিয়াও প্রকৃতি প্রাণবাদী বিশ্বাস তথা ৰীতি নীতি সমান্তৰালভাবে চলি থকা দেখা যায় । উদাহৰণস্বৰূপে অৰুণাচলৰ বহুসংখ্যক লোক হিন্দু, খ্রীষ্টিয়ান আকু বৌদ্ধ ধর্মাৱলম্বী আৰু একে সময়তে বিভিন্ন স্থানীয় দেৱ-দেৱীৰ লগতে ডনিপ’ল অর্থাৎ চন্দ্র-সূৰ্য তেওঁলোকৰ জনপ্রি় দেৱতা । নগাসকলে ধনেশ পক্ষীক এক এাণকর্তা পবিত্র জীৱ হিচাाপে বিবেচনা কৰে বাবেই এই পক্ষীৰ নামত হৰ্ণবিল উৎসৱটো চৰকাৰৰ উদ্যোগত ডিচেম্বৰ মাহৰ প্ৰথম দহ দিন উদযাপন কৰে ǀ ঠিক তেনেদৰে স্বাধীনতা সংগ্রামী ৰাণী গাইডালুৱে নগালেগুব পৰম্পৰাগত ধর্মবিশ্বাস তথা সংস্কৃতি সংৰক্ষণ তথা পুনৰ প্রৱর্তন কৰাৰ উদ্দেশ্যে হেৰাকা নামৰ এক আন্দোলন গঢ়ি তুলিছিল । মণিপুৰৰ মেইটেই সম্প্রদায়টোৰ অধিকাংশ লোক চৈতন্যপন্থী বৈষ্ণৱ ধর্মাৱলম্বী । বৈষ্ণৱ ধর্মৰে প্রভাৱিত গীত বাদ্য, নৃত্য এওঁলোকৰ মাজত দেখা যায় । চৈতন্য মহাপ্ৰভুৰ শৈশৱ, কৃষ্ণলীলা আদিৰ আলম লৈ গঢি উঠা মণিপুৰী নৃত্য ভাৰতৰ সংগীত নাটক অকাদেমিৰ দ্বাৰা স্বীকৃতি প্রাপ্তৃ এটা ধ্রুপদী নৃত্য । মণিপুৰী সকলব একাংশৰ মাজত এতিয়াও প্রকৃতি প্রাণবাদী ধর্মপন্থাৰ প্রচলন আছে । ত্রিপুৰাৰ অধিকাংশ লোকে হিন্দু ধর্মাৱলম্বী আৰু বংগীয় সংস্কৃতিৰ দ্বাৰা প্রভাৱিত । বিভিন্ন জনগোষ্ঠীয় উপাদানেৰে ত্রিপুৰাত এক সংমিশ্রিত সংস্কৃতি দেখা যায় । মেঘালয়ৰ পূর্বৰ প্রকৃতি উপাসক খাছী, গাৰো, জয়ন্তীয়া আদি লোকসকলে ১৮৩০ চনব পৰা ক্ৰমে খ্রীষ্টিয়ান ধর্মত দীক্ষিত হবলৈ ধৰে আৰু বৰ্তমান ৰাজ্যখনৰ ৭০ শতাংশতকৈ অধিক লোক এই ধৰ্মত দীক্ষিত ǀ

মিজোৰামৰ জন গাঁথনিও বিভিন্ন জনগোষ্ঠীৰে গঠিত । আটাইকে একেলগে বুলি কোৱা হয় । ‘মিজো’ শব্দ অর্থ হল- পাহাৰৰ বাসিন্দা ।এওঁলোকৰ গৰিষ্ঠ সংখ্যক খ্রীষ্টিয়ান ধর্মাৱলম্বীৰ লগতে কিছু সংখ্যক হিন্দুধর্মাৱলম্বী আছে । খ্রীষ্টিয়ান ধর্ম গ্রহণ কৰাৰ পিছত তেওঁলোকৰ পৰম্পৰাগত উৎসৱ, গীত মাতবোৰ হ্রাস পাবলৈ লৈছিল । ১৯৭৩ চনবপৰা মিজোসকলে তেওঁলোকৰ পৰম্পৰাগত ‘চপচৰ কূট’ উৎসৱটো পুনৰ উদযাপন কৰিবলৈ লৈছে আৰু লগতে অন্য পৰম্পৰাগত নৃত্য, সংগীত আদিবোৰ পুনৰুদ্ধাৰ কৰিবলৈ যত্নপৰ হৈছে।