উত্তৰ ভাৰতৰ দৰে দক্ষিণাত্যৰ ভাস্কৰ্যৰ ওপৰত বহিৰাগত প্ৰভাৱ পোনপতীয়াকৈ পৰা নাছিল। অৰ্থাৎ, ইয়াত এটা নিজস্ব বিচাৰ পদ্ধতি দেখিবলৈ পোৱা গৈছিল। এই পদ্ধতিয়ে ভাৰতীয় সংস্কৃতিৰ বৈচিত্ৰ ৰঙীন কৰি তুলিছিল। উত্তৰ ভাৰতীয় ভাস্কৰ্যত ইছলামীয় যথেষ্ট প্ৰভাৱ দেখিবলৈ পোৱা গৈছিল। উত্তৰ ভাৰতীয় ভাস্কৰ্যত বক্ৰ আৰু বৃত্তৰেখাৰ প্ৰাদুৰ্ভাৱ অতি সৰহ আছিল। ই আচলতে সংহতিৰ ভাস্কৰ্যহে আছিল। জ্যামিতিৰ ছবিবোৰৰ দৰে এইবোৰত সৰলতা দেখিবলৈ পোৱা গৈছিল। আচলতে উত্তৰ ভাৰতীয় ভাস্কৰ্য সমন্বয়ৰ বস্তুহে। ইয়াক কোনো প্ৰকাৰেই সম্পূৰ্ণৰূপে ইছলামীয় বুলিব ক'ব পৰা নাযায়। হিন্দু ভাস্কৰ্যই ইছলামীয় পদ্ধতিৰ জটিলতা হ্ৰাস কৰিছিল। ইয়াৰ বিপৰীতে ইছলামীয় ভাস্কৰ্যই হিন্দু ভাস্কৰ্যক কাৰু-কাৰ্য প্ৰদান কৰিছিল। এইদৰে এক নতুন ধাৰাৰ উৎপত্তি হৈছিল। তাজমহল, ফটেহপুৰ চিক্ৰি, ইচ্মৎদৌল্লাৰ আদি এনে কাৰু-কাৰ্য খোদিত উত্তৰ ভাৰতীয় ভাস্কৰ্য্যৰ আৰ্হি। এয়াই অজন্তাৰ চিত্ৰশিল্পৰ গৌৰৱ।