Kenekoi Logo

Kenekoi.com

জানিব খোজাৰ নতুন ঠিকনা

উদাহৰণসহ সম্পদৰ শ্রেণীবিভাজন সম্পর্কে লিখা।

(ক) সৃষ্টি প্ৰক্ৰিয়া অনুসৰি সম্পদসমূহক তিনিটা ভাগত ভগাব পাৰি 一

(i) প্ৰাকৃতিক সম্পদঃ- যিবোৰ সম্পদ (যেনে - সূৰ্যৰ ৰশ্মি, বায়ু, পানী, পলস, গছ-গছনি, জীৱ-জন্তু, খনিজ-পদাৰ্থ, নদ-নদী আদি) প্ৰাকৃতিকভাৱে সৃষ্টি হৈ প্ৰকৃতিত বিয়পি থাকে, তেনেবোৰ সম্পদক প্ৰাকৃতিক সম্পদ বোলে।

(ii) মানৱ সৃষ্ট সম্পদঃ- মানুহে সৃষ্টি কৰা সম্পদবোৰক মানৱ সৃষ্ট সম্পদ বোলে।যেনে 一 ৰাস্তা-ঘাট, অট্টালিকা, দলং ইত্যাদি।

(iii) মানৱ সম্পদঃ- প্রাকৃতিক সম্পদসমূহক ব্যৱহাৰৰ উপযোগী কৰিবলৈ মানুহৰ কার্য-দক্ষতা, শিক্ষা, প্রযুক্তি আৰু আগ্রহৰ প্রয়োজন হয়। এনেবোৰ গুণ থকাৰ বাবে মানুহক মানৱ সম্পদ আখ্যা দিয়া হয়। যেনে 一 কৃষক, ডাক্তৰ, শ্ৰমিক ইত্যাদি।

(খ) প্রাকৃতিক গঠন অনুসৰি সম্পদসমূহক দুটা ভাগত ভগাব পাৰি 一

(i) জীৱীয় সম্পদঃ- প্রাকৃতিক গঠন অনুসৰি সম্পদসমূহৰ যিবোৰৰ জীৱ থাকে সেইবোৰ হৈছে জীৱীয় সম্পদ। উদ্ভিদ, প্রাণী, মাছ, শস্য আদি জীৱীয় সম্পদ।

(ii) অজীৱীয় সম্পদঃ- যিবোৰ সম্পদৰ প্ৰাণ বা জীৱ নাথাকে সেইবোৰক অজীৱীয় সম্পদ বোলে। মাটি, শিল, ভূমি, নদ-নদী, পানী, বায়ু, খনিজ-পদার্থ, কয়লা আদি অজীৱীয় সম্পদ।

(গ) উপলব্ধতা আৰু স্থায়িত্বৰ ওপৰত ভিত্তি কৰি সম্পদসমূহক দুটা ভাগত ভগাব পাৰি 一

(i) নৱীকৰণযোগ্য সম্পদঃ- পৃথিৱীত উপলব্ধ প্রাকৃতিক সম্পদবোৰৰ ভিতৰত কিছুমান ব্যৱহাৰৰ পিছত একেবাৰে নিঃশেষ হৈ নাযায় আৰু আন কিছুমান ক্রমান্বয়ে নিঃশেষ হৈ যায়। যিবোৰ সম্পদ অনবৰত ব্যৱহাৰ কৰি থকাৰ পিছতো নৱীকৰণ বা পুনঃপূর্ণীকৃত প্রক্রিয়াৰে কেতিয়াও একেবাৰে নিঃশেষ হৈ নোযোৱাকৈ ৰাখিব পাৰি, তেনে সম্পদকে নৱীকৰণযোগ্য বা পুনঃপূর্ণীকৃত সম্পদ বোলে। যেনে 一 সূর্যৰ ৰশ্মি, বায়ু, পানী, গছ-গছনি, জীৱ-জন্তু, মানুহ, শস্য আদি নৱীকৰণযোগ্য সম্পদ।

(ii) অনৱীকৰণযোগ্য সম্পদঃ- যিবোৰ সম্পদ ব্যৱহাৰৰ পিছত নৱীকৰণ বা পুনঃসৃষ্টি কৰিব নোৱাৰি আৰু একেবাৰে নিঃশেষ হৈ যায়, তেনে সম্পদবোৰক অনৱীকৰণযোগ্য বা ক্ষয়শীল সম্পদ বোলে। উদাহৰণস্বৰূপে; কয়লা, খনিজ তেল, খনিজ পদার্থ (যেনে 一 তাম, সোণ, চূণশিল, লো আদি), প্রাকৃতিক গেছ আদি অনৱীকৰণযোগ্য সম্পদ।

(ঘ) পৃথিৱীত উপলব্ধ সকলোবোৰ সম্পদৰ মালিকীস্বত্বৰ ভিত্তিত তিনিটা ভাগত বিভক্ত কৰিব পাৰি 一

(i) ব্যক্তিগত সম্পদঃ- মানুহৰ নিজ নিজ দখল বা অধিকাৰত থকা ভূমি, সা-সম্পত্তি আৰু নিজা ভাল গুণ ইত্যাদি। যেনে ─ ভাল চৰিত্র, শিক্ষা, কর্মদক্ষতা আদিক ব্যক্তিগত সম্পদ বোলা হয়।

(ii) জাতীয় সম্পদঃ- এখন দেশৰ তত্ত্বাৱধান বা দখলত থকা সকলোবোৰ সম্পদ যেনে ─ ৰাস্তা-ঘাট, ভূমি, নদ-নদী, দলং, অভয়াৰণ্য, অৰণ্যত থকা গছ-গছনি আৰু জীৱ-জন্তু, শিক্ষানুষ্ঠান, প্রশাসনিক ব্যৱস্থা, চৰকাৰ আদিক জাতীয় সম্পদ বোলা হয়।উদাহৰণস্বৰূপে, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখন এটা জাতীয় সম্পদ।

(iii) আন্তৰ্জাতিক সম্পদঃ- দেশৰ জাতীয় সম্পদ আৰু সমগ্র বিশ্বৰ অধীনত থকা সম্পদ। যেনে 一সাগৰ-মহাসাগৰ আৰু ইয়াৰ খনিজ সম্পদ আৰু জীৱ-জন্তু, বায়ুমণ্ডল, অৰণ্য অঞ্চল আদিক একেলগে আন্তর্জাতিক বা বিশ্ব সম্পদ বোলে।আন্তর্জাতিক সংস্থা ৰাষ্ট্রসংঘই ইয়াৰ নির্ধাৰিত নীতি-নিয়ম অনুসৰি বিশ্ব সম্পদসমূহৰ উদ্ঘাটন আৰু ব্যৱহাৰ পৰিচালনা কৰে। যেনে 一চীনৰ সুদৈৰ্ঘ্য প্ৰাচীৰ, ফ্ৰান্সৰ আইফেল টাৱাৰ ইত্যাদি।

Write Your Answer