আধুনিক অসমীয়া কবিতাৰ এগৰাকী শক্তিশালী কবি নৱকান্ত বৰুৱাদেৱৰ ‘উভতি নহাৰ কবিতা’ এটি দাৰ্শনিক ভাৱাপন্ন কবিতা । কবিতাটিৰ মাজেদি কবিয়ে মানুহৰ জন্ম মৃত্যুৰ চিৰন্তন সত্যৰ বিষয়ে প্ৰকাশ কৰিছে ।
মৃত্যুয়ে জীৱনৰ সমাপ্তি বুজায়। মৃত্যুৰ পিছত অকল কবিয়েই নহয়, কোনো মানুহেই পৃথিৱীৰ পৰা গুচি যোৱাৰ পিছত উভতি নাহে। কবিয়েও জীৱনৰ বকুলপাহ এবাৰে বুটলিছে অৰ্থাৎ এবাৰেই জনম লভিছে। পৃথিৱীক কবিয়ে প্ৰাণভৰি ভালপায়। তথাপি তেওঁৰ জীৱন চিৰস্থায়ী নহয়। কবিয়ে পৃথিৱীক ভালপোৱাৰ কথা নানা ভাব আৰু ভাষাৰে প্ৰকাশ কৰিছে। তেওঁ জানে হাজাৰ ভালপোৱাই তেওঁক উভতাই আনিব নোৱাৰে । যন্ত্ৰণাকো আকোৱালী লৈ জীয়াই থকাটো কবিয়ে এটা ধেমালী বুলি কৈছে। এই ধেমালী কবিয়ে এবাৰেই খেলিলে। মৃত্যুৰ পিছত খেল খেলিব কোনো উভতি নাহে। কবিৰ বিদায়ৰ লগে লগে পৃথিৱীলৈ নতুন ধ্যান–ধাৰণাৰ প্ৰকাশ ঘটিব আৰু তাত কবিৰ একো চিন নাথাকিব। নতুন প্ৰজন্মই হʼব পৃথিৱীৰ নতুন মানুহ আৰু সেই দিনবোৰো হʼব নতুন দিন । মৃত্যুৰ পিছত কোনোৱেই দুনাই এই পৃথিৱীলৈ উভটি নাহে। সেয়ে জীয়াই থকা কালছোৱাত প্রত্যেকেই ভালপোৱা ধৰণে নিজৰ নিজৰ কাম কৰি যাব লাগে।