সৃষ্টিৰ নীতি পালন কৰি কবিয়ে এই পৃথিৱীত জনম লৈছে। সেয়েহে পৃথিৱীখন কবিৰ অতিকে আপোন। তেওঁ বাস কৰা পৃথিৱীখনৰ প্ৰত্যেকটো বস্তুৱেই কবিৰ প্ৰিয়। জাবৰৰ মাজৰ পৰা এপাহ বকুল বুটলিবলৈ পাই কবি সন্তুষ্ট। পৃথিৱীৰ সেউজীয়াই কবিৰ মন ভৰাই তোলে। যন্ত্ৰণাই হৃদয় দগ্ধ কৰিলেও পৃথিৱীৰ মাটি-পানী-সেৱন কৰি কবিয়ে হাঁহি হাঁহি পাহৰি যায়। পৃথিৱীৰ ৰূপ-ৰস-গন্ধ-স্পৰ্শৰ আবেশত কবিয়ে জীৱনক আকোৱালী লয় । পৃথিৱীখনক তেওঁ প্ৰাণভৰি ভাল পায় । কবিতাটোত তাৰ প্ৰকাশ দেখা যায় এনেদৰে-
ʼʼমাথোন এই পৃথিৱীখনক ভালপাই গʼলোঁ
এই কথাটোকে কিমানবাৰ যে কʼলোঁ
কিমান ভাৱেৰে কʼলোঁ………।”