'এখন চিঠি’ কবিতাটোত এজন সৈনিকে এখন চিঠিৰ মাধ্যমেৰে পত্নীলৈ লিখিছে পত্নীৰপৰা লৈ অহা বিদায় মুহূৰ্তত মৰ্মান্তুদ কাহিনী ৷ হেজাৰ হেজাৰ ফুট ওখ পৰ্বতৰ মাজত থাকি তেওঁৰ সকলো কল্পনাই ছাঁই হৈ গৈছে ৷ সেই পৰ্বতবোৰ তেওঁলোকৰ মৰমৰ মৰিশালি, য’ত সৈনিকৰ তেজৰ চেঁকুৰা জিলিকি থাকে৷তাত প্ৰতিধ্বনিত হয় তেওঁলোকৰ অন্তৰৰ জুই শিখা ৷ ই এখন মহাকাব্যৰ দৰে ৷ ইয়াতে মৌন ভাষাৰে লিখা থাকে শ শ সৈনিকৰ তেজৰ বুৰঞ্জী৷ইয়াৰ পৰাই শুনা যায় শত্ৰুৰ কামানৰ গৰ্জন, দেখা যায় ধোঁৱা আৰু ধোঁৱা ৷