Kenekoi Logo

Kenekoi.com

জানিব খোজাৰ নতুন ঠিকনা

"এটা সংমিশ্ৰিত一সংস্কৃতিসম্পন্ন জাতি, ইয়াক নুই কৰাৰ কোনো যুক্তি-তৰ্কৰ অৱকাশ নাই।" 一 ইয়াত লিখকে কাক আৰু কি সংস্কৃতিসম্পন্ন জাতি বুলি কৈছে। "নুই কৰাৰ কোনো যুক্তি তৰ্কৰ অৱকাশ নাই" বোলা কথাষাৰৰ সত্যাসত্যত

অসমীয়া জাতি আৰু সংস্কৃতিৰ সমন্বয় বিষয়ে ক'বলৈ গৈ লিখকে উক্ত বাক্যশাৰী কৈছে। অসমীয়া জাতিটো কেৱল এটা জনগোষ্ঠী আৰু তেওঁলোকৰ ভাষা-সংস্কৃতিক লৈ গঢ়ি উঠা নাই বুলি লিখকে কৈছে। অসমত প্ৰাচীন কালৰে পৰা ভিন ভিন জাতি- জনগোষ্ঠীৰ লোক আহি অসমত বসবাস কৰিছিল। সেই সময়ত অসমত বসবাস কৰা থলুৱা জনজাতীয় লোকসকলে সকলোকে আঁকোৱালি লৈছিল। বাহিৰৰ পৰা অহা সকলোৱে আন্তৰিকতাৰে এই অসম দেশৰ ভাষা, সংস্কৃতি গ্ৰহণ কৰি অসমক নিজৰ দেশ বুলি গ্ৰহণ কৰিছিল। ভাষিক সংমিশ্ৰণে অসমীয়া জাতি আৰু সংস্কৃতিক আৰু অধিক কট্কটিয়া কৰি তুলিলে। অসমত বসবাস কৰা জনজাতিৰ ভাষা ভালদৰে বুজি পায় আৰু ক'ব পাৰে। অসমলৈ পৰৰ্ৱতী কালত অহা লোক সকলেও নিজৰ নিজৰ ভাষা-সংস্কৃতি ত্যাগ কৰি অসমীয়া ভাষা আৰু সংস্কৃতিক আকোৱালি লয়। যুগ যুগ ধৰি এনেদৰে আদান-প্ৰদান, বিনিময় আৰু সংস্কৃতি গ্ৰহণৰ মাধ্যমেদি অসমীয়া সংস্কৃতিটো বৰ্তমানলৈ পৰিগ্ৰহ হৈ আছে। বিভিন্ন ধৰণৰ জাতি-জনজাতিৰ সমন্বয়ৰ মাজেৰে অসমীয়া জাতিটো গঢ়ি উঠিছে।

Write Your Answer