Add Book Write Article
Cancel

এডৱাৰ্ড গিবনে ক’ত কিদৰে শিক্ষা গ্ৰহণ কৰিছিল বুজাই লিখা ৷

By uf9b861367c on 2 weeks ago
April 4, 2025, 8:57 a.m.

পোন্ধৰ বছৰ বয়সত গিবনঅক্সফোৰ্ডৰ মেগডালেন কলেজত ভৰ্তি হয়৷ক’বলৈ গ’লে ছাত্ৰ অৱস্থাত অতি সাধাৰণ ল’ৰা আছিল ৷ জগদ্বিখ্যাত অক্সফোৰ্ড বিশ্ববিদ্যালয়ৰ অৱস্থা তেতিয়া তেনেই শোচনীয় ৷ পঢ়া-শুনা বিশেষ নহয় বুলিয়েই ক’ব পাৰি ৷ অধ্যাপক সকলৰ পৰা বিশেষ সহায় নাপালেও গিবনে নিজে প্ৰচুৰ কিতাপ পঢ়িছিল ৷ অক্সফোৰ্ডত পঢ়ি থাকোঁতেই তেওঁ প্ৰটেষ্টাণ্ট ধৰ্মমত ত্যাগ কৰি ৰোমান কেথলিক ধৰ্মমতত দীক্ষিত হ’বলৈ মন মেলিলে ৷ তেওঁৰ মতি গতি দেখি তেওঁৰ অভিভাৱক সকল আতংকিত হৈ তেওঁক কলেজৰপৰা নাম কটাই এৰুৱাই আনিলে আৰু জোৰকৈ ছুইজাৰলেণ্ডৰ লুছান চহৰলৈ পঠাই দিলে ৷ সেইসময়ত লুছান ফৰাছী প্ৰভাৱাধীন আছিল ৷ সমগ্ৰ ইউৰোপীয় মানসত তেতিয়া টমাছ পেইনৰ The Age of Reason - ৰ ভাৱ-তৰংগৰদ্বাৰা উদ্বেলিত৷গিবনকো এই প্ৰভাৱে গ্ৰাস কৰিলে,যাৰ ফলত তেওঁ কেথলিক হ’ব খোজা মানুহজন সংশয়বাদীত পৰিণত হ’ল ৷ ফলস্বৰূপে তেওঁ "The History of the Decline and Fall of the Roman Empire" গ্ৰন্থ লিখি উলিয়ালে ৷