গিবনৰ বিখ্যাত ৰচনা "The History of the Decline and Fall of the Roman Empire" ত ৰোমান সাম্ৰাজ্যৰ ইতিহাস বৰ্ণনা কৰা হৈছে ৷ সাতটা খণ্ডত সমাপ্ত এই বিপুলায়তন ইতিহাস গ্ৰন্থই সম্ৰাট এণ্টনিনেছৰ ৰাজত্ব কালৰ পৰা আৰম্ভ কৰি তুৰ্কীসকলৰ দ্বাৰা কনষ্টাণ্টিনপলৰ অধিকাৰৰ সময়লৈকে সুদীৰ্ঘ চৌদ্ধটা শতাব্দী সামৰি লৈছে ৷ গিবনৰ যাদুকৰী লিখনিৰ স্পৰ্শত অসংখ্য চৰিত্ৰ আৰু অজস্ৰ যুগান্তকাৰী ঘটনা জীৱন্ত হৈ উঠিছে ৷ ৰোমান সাম্ৰাজ্যৰ অৱক্ষয়’ সূচনা, খ্ৰীষ্টিয়ানিটিৰ উত্থান, ইছলামৰ বিজয় অভিযান,ইউৰোপত জাতীয় ৰাষ্ট্ৰগঠনৰ আৰম্ভণি আদি পৃথিৱী তোলপাৰ লগোৱা অজস্ৰ ঘটনা - প্ৰবাহৰ ব্যাখ্যাই গিবনৰ গ্ৰন্থখনিত প্ৰাণ পাই উঠিছে ৷ এই গ্ৰন্থখন অভ্ৰভেদী গ্ৰীক মন্দিৰৰ দৰে ৷