৩ এপ্ৰিলত যেতিয়া লেখকে এভাৰেষ্ট অভিযানৰ বাবে ঘৰ এৰিছিল জিভাই মাছৰ সোৱাদ পোৱা নাছিল ৷সেয়ে দুদিনমানৰ প্ৰস্তুতিৰে বেছ কেম্প মেনেজাৰ অমৰ ডেকাই কাঠমাণ্ডুৰ পৰা হেলিকপ্টাৰেৰে অভিযানকাৰী দলটোৰ বাবে মাছ অনাৰ ব্যৱস্থা কৰিছিল ৷ অমৰে থেকেৰাৰে মাছৰ টেঙা ৰান্ধিবৰ বাবে দলটোৰ লগত থকা ৰান্ধনিৰ জৰিয়তে বিশেষ ব্যৱস্থা কৰিছিল৷জলপান খাই বৰ আশাৰে তেওঁলোক ওলাই গৈছিল,দুপৰীয়া মাছৰ টেঙাৰে ভালকৈ ভাত এসাঁজ খাব পাব বুলি ৷ কিন্তু তেওঁলোকৰ আশাত চেঁচা পানী পৰিল ৷ হিমানী সম্প্ৰপাতে তেওঁলোকে আশ্ৰয় লোৱা টেণ্টসমূহৰ লগতে পাকঘৰ থকা তম্বু আৰু ডাইনিং টেণ্টটো ঢাঁহি-মুহি উৰুৱাই নি ছিন্ন-ভিন্ন কৰি পেলায়৷সেই বৰফৰ দৈত্যই অন্য খাদ্য-সামগ্ৰীসমূহৰ লগতে কাঠমাণ্ডুৰ পৰা অনা মাছৰ টেঙাৰ আঞ্জাও গ্ৰাস কৰিলে ৷সেই ঘটনাই লেখকৰ মনত হাঁহিৰ খোৰাক যোগায় ৷