Add Book Write Article
Cancel

'ককাই মোৰ ওপৰত খং নকৰিবা,মোৰ হাতত একোৱেই নাই ৷’ - কোনে কি প্ৰসংগত এই উক্তি কৰিছিল?

By uf9b861367c on 2 weeks ago
April 4, 2025, 12:44 p.m.

উক্ত কথাখিনি কবিয়ে মগনিয়াৰজনক কৈছিল ৷ এদিন কবি বাটৰে গৈ থাকোঁতে এজন মগনিয়াৰক লগ পাইছিল ৷ হাড়, ছাল ওলোৱা মগনিয়াৰজনে হাতখন মেলি কবিক কিবা এটা বিচাৰিছিল ৷ কিন্তু কবিও মগনিয়াৰজনৰ দৰেই নিঃস্ব আছিল ৷ মগনিয়াৰজনক দিবৰ বাবে তেওঁৰ হাতত কোনো পাৰ্থিৱ সম্পদ নাছিল ৷ কিন্তু কবিৰ অন্তৰ দয়া, আন্তৰিকতা, স্নেহেৰে ভৰপূৰ আছিল ৷ মগনিয়াৰজনৰ হত দুখন ধৰি কবিয়ে সহানুভূতি ব্যক্ত কৰিছিল আৰু কিবা এটা দিব নোৱাৰাত দুখ প্ৰকাশ কৰিছিল ৷